ETV Bharat / state

ৰঙিয়া মহকুমাধিপতিৰ নিৰ্দেশত যোগান বিভাগৰ অভিযান

author img

By

Published : May 11, 2021, 10:16 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত যোগান বিভাগৰ অভিযান ৷ যোগান বিভাগৰ ফালৰ পৰা ধাৰ্য কৰি দিয়াতকৈ অধিক মূল্য ল’লে আইনী ব্যৱস্থা লোৱা হ’ব ৷

supply-department-raid-at-rangia-due-price-hiking-of-essential-commudities
ৰঙিয়া মহকুমাধিপতিৰ নিৰ্দেশত ৰঙিয়াত যোগান বিভাগৰ অভিযান

ৰঙিয়া,11 মে': ৰঙিয়া মহকুমাধিপতিৰ নিৰ্দেশত যোগান বিভাগৰ অভিযান । নতুন চৰকাৰ গঠনৰ পিছতেই তৎপৰ হৈছে ৰঙিয়াৰ যোগান বিভাগ । ক’ভিডৰ গইনা লৈ একাংশ ব্যৱসায়ীয়ে নিশাৰ ভিতৰতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হোৱাৰ পিছত ৰঙিয়াৰ ছাত্ৰ সংগঠনে মূল্যবৃদ্ধি সন্দৰ্ভত মহকুমাধিপতিক প্ৰদান কৰিছিল স্মাৰকপত্ৰ ৷ ইয়াৰ পিছতে কঠোৰ হৈছে মহকুমা প্ৰশাসন । মঙলবাৰে ৰঙিয়া নগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোগান বিভাগে চলালে অভিযান ।

আলু, পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অসাধু চক্ৰই যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে, তাৰ প্ৰতি সতৰ্ক কৰি দিয়া হৈছে ব্যৱসায়ীসকলক । লগতে অসাধু ব্যৱসায়ীক মূল্যবৃদ্ধি সন্দৰ্ভত সকীয়নি প্ৰদান কৰিছে বিভাগটোৱে । যদিহে যোগান বিভাগৰ ফালৰ পৰা ধাৰ্য কৰি দিয়াতকৈ অধিক মূল্য কোনোবাই লয় তেতিয়াহ’লে আইনী ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে বিষয়াসকলে ৷

লগতে পঢ়ক : জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.