ETV Bharat / state

তুলসীবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ যোগান বিভাগ - Supply Department against price rise in Tulsibari

ৰাজ্যত কৰ'ণা সংক্ৰমণ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতিয়ে প্ৰভাৱিত কৰিছে সৰ্বসাধাৰণ লোকক ‌। এনে এক সময়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুই গৈছে গ্ৰাহকসকলক। অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ ল'ব নোৱাৰাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা ।

Supply Department against price rise in Tulsibari
তুলসীবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ যোগান বিভাগ
author img

By

Published : Jun 8, 2021, 10:53 PM IST

ৰঙিয়া, 8 জুন : মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰঙিয়াৰ মহকুমা প্ৰশাসন ৷ ৰঙিয়া তুলসীবাৰীত যোগান বিভাগৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকীয়নী ব্যৱসায়ী সন্থাক । নিজ মৈমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰিব কোনো ব্যৱসায়ীসকলে ৷ যোগান বিভাগে নিৰ্ধাৰণ কৰা মূল্যতকৈ অত্যাধিক দাম ললে কঠোৰ হ'ব ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৰঙিয়া মহকুমা প্ৰশাসন । খুচুৰা তথা পাইকাৰী ব্যৱসায়ীসকলে নিজ নিজ দোকানত সামগ্ৰীৰ নিৰ্দ্ধাৰিত মূল্য সন্নিবিষ্ট ফলক আৰি দিয়াকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে যোগান বিভাগে ।

তুলসীবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ যোগান বিভাগ

ৰাজ্যত কৰ'ণা সংক্ৰমণ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতিয়ে প্ৰভাৱিত কৰিছে সৰ্বসাধাৰণ লোকক ‌। এনে এক সময়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুই গৈছে গ্ৰাহকসকলক। অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ ল'ব নোৱাৰাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা।

ইফালে মূল্যবৃদ্ধি নিযয়ন্ত্ৰণৰ লক্ষ্যৰে মহকুমাধিপতি গৰাকীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি যোগান বিভাগে ৰঙিয়াৰ বিভিন্ন স্থানত খুচুৰা আৰু পাইকাৰী বিক্ৰেতা সকলকলৈ এখন সভাও অনুষ্ঠিত কৰিছে। সভাখনত ৰঙিয়া যোগান বিভাগৰ বিষয়ববীয়া উপস্থিত থাকি ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক: সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.