ৰঙিয়া, 5 নৱেম্বৰঃ হঠাতে অহা বানপানীয়ে কুঁহিয়াৰৰ খেতি বিনষ্ট কৰাৰ পিছত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে ৰঙিয়াৰ মাদৈকটাৰ কৃষকে ৷ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিঙাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বহু কেইটা অঞ্চলৰ ভিতৰত মাদৈকটা হৈছে অন্যতম । হঠাতে অহা বানপানীয়ে অঞ্চলটোৰ প্ৰায় পাঁচশ বিঘা কৃষিভূমিৰ কুঁহিয়াৰৰ খেতি বিনষ্ট কৰাৰ ফলত অঞ্চলটোৰ খেতিয়কৰ ব্যাপক ক্ষতিসাধন হয়।
মূলতঃ কুঁহিয়াৰৰ খেতিৰ ওপৰতেই নিৰ্ভৰশীল অঞ্চলটোৰ প্ৰায় ডেৰশ খেতিয়কে এতিয়া মূৰে-কপালে হাত দিব লগীয়া হৈছে। পূৰ্বতে ধানখেতি হোৱা অঞ্চলটোত ইতিপূৰ্বে ২০০০ চনত হোৱা বানে তাণ্ডৱ চলাই গৈছিল। তাৰপিছত ধানৰ বাবে অনুপযোগী হৈ পৰা খেতি পথাৰ সমূহত কৃষকে কুঁহিয়াৰৰ খেতি কৰিবলৈ লৈছিল।
![ৰঙিয়াৰ মাদৈকটাৰ কৃষকৰ বিনিদ্ৰ ৰজনী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9436993_fgxfg.jpg)
সময়ৰ লগে লগে কুঁহিয়াৰৰ খেতিয়ে কৃষক ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছিল। কিন্তু এইবছৰ হঠাতে অহা বানপানীয়ে পুনৰ কৃষক ৰাইজৰ আশাত চেঁচা পানী ঢালে । পথাৰতেই পচি নষ্ট হৈ যোৱা ফচল চাই এতিয়া হুমুনিয়াহ কাঢ়িছে কৃষক ৰাইজে। পুনৰ খেতিপথাৰখন কেনেদৰে খেতিৰ উপযোগী কৰি তুলিব বা অনাগত দিনত কেনেদৰে নিজৰ পৰিয়ালটো পোহপাল দিব,ইয়াকে লৈ চিন্তিত হৈ পৰিছে কৃষকসকল ৷
![প্ৰায় পাঁচশ বিঘা কৃষিভূমিৰ কুঁহিয়াৰৰ খেতি বিনষ্ট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9436993_dzfg.jpg)
লগতে চাওকঃ ভাবুকি ভৰা ফোন ক’ল লাভ কৰাৰ পিচতে দিল্লী বিমান বন্দৰৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধি