কামৰূপ, 3 ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আজি চতুৰ্থ দিন ৷ বিৰ দি বাট নোপোৱা পৰিৱেশ বস্ত্ৰ নগৰী শুৱালকুছিত ৷ অধিৱেশনৰ চতুৰ্থ দিনৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । অম্বিকাগিৰী ৰায় চৌধুৰী সোঁৱৰণী মুকলি অধিৱেশনত ৰাজ্যপাল জগদীশ মুখীৰ উপৰিও উপস্থিত থাকে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশী আৰু নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া ।
এই অধিবেশনত সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰসিদ্ধ মাৰাঠী সাহিত্যক বিশ্বাস পাটিলক প্ৰদান কৰা হয় মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা ৷ সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ।