ETV Bharat / state

প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনা হ'লেই কমলা কলিতাই প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিতঃ ৰঞ্জিত দাস

author img

By

Published : Aug 29, 2020, 7:28 PM IST

নিজ সমষ্টি এৰি পলাশবাৰীত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । যাৰ বাবে পলাশবাৰীত দলীয় কৰ্মীসকলে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

STATE  BJP PRESIDENT RANJIT DAS ATTENDED AT PALASHBARI
প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনা হ'লেই কমলা কলিতাই প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিতঃ ৰঞ্জিত দাস

দক্ষিণ কামৰূপ,29 আগষ্টঃ পলাশবাৰী সমষ্টিৰ বিজেপি কৰ্মী তথা দক্ষিণ কামৰূপ জিলাৰ কৃষাণ মৰ্চাৰ সভাপতি কমল দাসৰ বিয়োগত শনিবাৰে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ উপস্থিত হয় বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

বিধান সভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী ৷ ইতিমধ্যে ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল ৷ ঠিক একেদৰে পলাশবাৰীত সমষ্টিত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ । আগন্তুক নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা কমলা কলিতাই নিজ সমষ্টি ছয়গাঁও এৰি পলাশবাৰীত আৰম্ভ কৰিছে নিৰ্বাচনী ৰণনীতি ।

ইফালে অগপ নেতাগৰাকীয়ে পলাশবাৰীত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ সন্দৰ্ভত ৰঞ্জিত দাসে মন্তব্য কৰে যে, বৰ্তমানৰ বিজেপিৰ বিধায়ক হৈ থকাৰ পিছত এনেকুৱা কথা কোনো ৰাজনৈতিক ব্যক্তিয়ে প্ৰচাৰ কৰাটো শোভা নাপায় ৷ যিহেতুকে বিজেপিৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু অগপৰ কেন্দ্ৰীয় সমিতিৰ মাজত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই । আনহাতে আগন্তুক নিৰ্বাচনত কেনে প্ৰক্ৰিয়াৰে প্ৰাৰ্থীত্ব প্ৰদান কৰিব এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে, এতিয়ালৈকে প্ৰাৰ্থীত্ব সন্দৰ্ভত দলত কোনো ধৰণৰ আলোচনা হোৱা নাই । সেয়েহে অহা জানুৱাৰীৰ আগতে কোনোৱে যদি প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনা কৰিবলৈ আহে তেন্তে কমলা কলিতাই প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত বুলি মন্তব্য কৰিলে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।

আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে যি মহাজোঁট বন্ধনৰ কথা প্ৰচাৰ কৰি আছে ইয়াক ৰাজ্যিক বিজেপিয়ে আদৰণী জনাইছে আৰু অসমত যেতিয়ালৈকে স্বাভিমানি অসমীয়াসকল থাকিব তেতিয়ালৈকে কংগ্ৰেছৰ এনে ধৰণৰ মহাজোঁট বন্ধনে বিজেপিক ক্ষতি কৰাৰ বিপৰীতে বৰঞ্চ উপকাৰহে কৰিব বুলি মন্তব্য কৰে ৰঞ্জিত দাসে ।

লগতে পঢ়ক- ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.