ৰঙিয়া, 6 মাৰ্চ: ‘‘এইবাৰৰ পৌৰসভা নিৰ্বাচনত বিজেপি তথা মিত্ৰ দলসমূহে সমগ্ৰ অসমতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব’’ - এনেদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই । ভোটদানৰ বাবে ভোটাৰ ৰাইজৰ সহাৰি আশাপ্ৰদক বুলি কয় বিধায়কগৰাকীয়ে (Bhabesh Kalita comments on municipal election)।
দেওবাৰে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই দলটোৰ জয় সম্পৰ্কে কৰিলে মন্তব্য । ৰাজ্যৰ আশীখন পৌৰসভাৰ আসনৰ লগতে ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াৰ পৌৰসভাৰ দহখন আসনেই দলটোৱে লাভ কৰিবলৈ সক্ষম হ’ব মন্তব্য কৰে ভবেশ কলিতাই ।
তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে নিশা ৰঙিয়াৰ ছয় নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰা সন্দৰ্ভত নেতাগৰাকীয়ে নিৰ্বাচনত এনে ঘটনা ঘটিয়েই থাকে বুলি তৰল মন্তব্য কৰে ।
লগতে পঢ়ক: অল কায়দাৰ খলিফা ৰাষ্ট্রৰ মেপত অসম : বিজেপিৰ মুখপাত্র