ETV Bharat / state

জানুৱাৰীত মুকলি কৰাৰ সম্ভাৱনা শুৱালকুছি ষ্টেডিয়াম - শুৱালকুছি ষ্টেডিয়াম

বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামখন সোমবাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে ৷ ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে 26 কোটি টকা ধাৰ্য কৰা হৈছিল যদিও অতিৰিক্তভাবে 14 কোটি টকা ব্যয় হোৱাৰ আশা কৰা হৈছে ৷

জানুৱাৰীত মুকলি কৰাৰ সম্ভাৱনা শুৱালকুছি ষ্টেডিয়াম

author img

By

Published : Jun 29, 2021, 11:00 AM IST

বাইহাটা, 29 জুন : ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে অতি সুখবৰ ৷ অচিৰেই বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়াম ৷ প্ৰায় 15 বিঘা ভূমি আবৰি 40 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা এই ষ্টেডিয়ামখনত এটা প্ৰশাসনিক ভৱন, এটা পেভেলিয়ন, হোষ্টেলৰ লগতে থাকিব 400 মিটাৰ ৰীলে, ফুটবল, হেণ্ডবল, বেডমিন্টনকে ধৰি বিভিন্ন ধৰণৰ এথেলেটিক । ইয়াৰ উপৰি ষ্টেডিয়ামখনৰ সৈতে সংলগ্ন হৈ থাকিব অত্যাধুনিক ছুইমিং পুল আৰু এটা সুকীয়া ইণ্ডোৰ ষ্টেডিয়াম ৷

ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম কাজ বুজ ল’বলৈ সোমবাৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি শুৱালকুছিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা (Sports Minister Bimal Borah)। 2022 বৰ্ষৰ জানুৱাৰীৰ ভিতৰত ষ্টেডিয়ামখন মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই (Sports Minister Bimal Borah)। উল্লেখ্য যে, ইতিমধ্যে ষ্টেডিয়ামখন নিৰ্মাণৰ প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷

জানুৱাৰীত মুকলি কৰাৰ সম্ভাৱনা শুৱালকুছি ষ্টেডিয়াম

মন্ত্ৰীজনে নিৰ্মীয়মান ষ্টেডিয়ামখন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ষ্টেডিয়ামখনৰ নিৰ্মাণ হৈ উঠিলে ৰাজ্যৰ খেলুৱৈসকলে সুফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে 26 কোটি টকা ধাৰ্য কৰা হৈছিল যদিও অতিৰিক্তভাবে 14 কোটি টকা ব্যয় হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ অৱশ্যে পৰ্যালোচনা সভা আৰু বিভাগীয় বিষয়াই এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ পাছতহে প্ৰকৃত ব্যয়ৰ পৰিমাণ জানিব পৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ৷ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা (Sports Minister Bimal Borah)ই শুৱালকুছি নিৰ্মীয়মান ষ্টেডিয়ামখন পৰিদৰ্শনৰ সময়ত ফুটবলাৰ গিলবাৰ্ট চাংমা, দেৱাশিষ ৰয়, সাতোৰবিদ এলভিচ আলি হাজৰিকা, ক্ৰিকেটাৰ জাভেদ জামানকে ধৰি কেইবাজনো বিশিষ্ট খেলুৱৈ সংগঠক উপস্থিত থাকে ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সতীৰ্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.