কামৰূপ, 21 নৱেম্বৰঃ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা জামৰতলৰ স্বৰ্গীয় হৰমোহন গোস্বামী আদৰ্শ খেলপথাৰখন উন্নয়নৰ বাবে শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ক্ৰ়ীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব লক্ষ্য কোঁৱৰে ৷ বিভিন্ন সময়ত খেলপথাৰখন খেলিব পৰাকৈ উন্নত কৰাৰ বাবে দাবী জনাই আহিছিল স্থানীয় লোকে ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে খেলপথাৰখনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হয় ৷ এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত পলাশবাৰী বিধায়ক প্ৰনৱ কলিতা, বিজেপি মুখপাত্ৰ ৰূপম গোস্বামী, হেমাংগ ঠাকুৰীয়া, বিজেপি নেতা অনুপ মেধি আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়কঃপ্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন সাহিত্য সভাৰ