ETV Bharat / state

বিষ্ণু পুস্কৰৰ মাছ-কাচৰ অস্বাভাবিক মৃত্যুৰ স্থায়ী সমাধান বাবে গুৰুত্বপূৰ্ণ বৈঠক - Bishnu puskar of Hajo

ঐতিহ্যমণ্ডিত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ বিষ্ণু পুস্কৰৰ মাছ-কাছৰ অস্বাভাবিক মৃত্যুক লৈ উদ্বিগ্ন হৈ পৰিছে মাধৱ পুখুৰী সংৰক্ষণ সমিতি ৷ ইতিমধ্যে মাধৱ মন্দিৰ বিষ্ণু পুস্কৰ সংৰক্ষনৰ বিশেষ ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Special meeting to protect fish and turtle of Bishnu puskar of Hajo
হাজোৰ বিষ্ণু পুস্কৰৰ মাছ-কাচৰ অস্বাভাবিক মৃত্যুৰ স্থায়ী সমাধান বাবে গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Jun 5, 2020, 1:49 PM IST

কামৰূপ,5 জুন: ঐতিহ্যমণ্ডিত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ বিষ্ণু পুস্কৰৰ মাছ-কাছৰ অস্বাভাৱিক মৃত্যুক লৈ উদ্বিগ্ন হৈ পৰিছে মাধৱ পুখুৰী সংৰক্ষণ সমিতি ৷ ইতিমধ্যে মাধৱ মন্দিৰ বিষ্ণু পুস্কৰ সংৰক্ষনৰ বিশেষ ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইয়াৰ স্থায়ী সমাধান বাবে শুকুৰবাৰে আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ কাৰ্যকৰ্তাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কামৰূপ জিলা উপায়ুক্ত ৷ মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ উপদেষ্টা ৰাতুল শৰ্মাৰ প্ৰচেষ্টাত অনুষ্ঠিত উক্ত বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সিদ্ধান্ত মতে, শীঘ্ৰেই অসম দৰ্শন আঁচনিৰ জড়িয়তে বিষ্ণু পুস্কৰ উন্নয়ন বাবে চৰকাৰে প্ৰদান কৰিব ধনৰাশি ।

হাজোৰ বিষ্ণু পুস্কৰৰ মাছ-কাচৰ অস্বাভাবিক মৃত্যুৰ স্থায়ী সমাধান বাবে গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে, এই বৈঠকত আৰ্মীৰ জড়িয়তে বিষ্ণু পুস্কৰ পুখুৰী পৰিষ্কাৰৰ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে । আনহাতে প্ৰজেক্ট ৰিপৰ্ট প্ৰস্তুতৰ বাবে বিভিন্ন বিভাগৰ বিশেষজ্ঞক লৈ এক্সপাৰ্ট সমিতি গঠনৰো সিদ্ধান্ত গ্ৰহন কৰিছে কামৰূপ জিলা উপায়ুক্তই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কুইন ওজা, বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ উপদেষ্টা ৰাতুল শৰ্মাৰ প্ৰচেষ্টাত নিষ্পত্তিৰ দিশে বিষ্ণু পুস্কৰৰ মাছ-কাচৰ অস্বাভাৱিক মৃত্যুৰ সমস্যা ।

লগতে পঢ়কঃ কনটেইন্টমেন জ'ন ঘোষণা : কামৰূপ প্ৰশাসনৰ পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.