বকো, ১৮ ডিচেম্বৰ: কামৰূপ জিলাৰ বকোৰ এখন বিশেষ গাঁও । এই গাঁওখনৰ সকলোবোৰ বাসিন্দাই হৈছে খহনীয়াত সৰ্বশ্ৰান্ত । এই গাঁওখনে অতিক্ৰম কৰিলে ৫০ বছৰ ৷ আজিৰ পৰা ৫০ বছৰ পূৰ্বে জন্ম হৈছিল এই গাঁওখনৰ ৷ গৰাখহনীয়াৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈ লোকসকলে আশ্ৰয় লৈছিল এই গাওঁখনত ৷ দুদিনীয়া কাৰ্যসূচীৰে গাঁওবাসীয়ে অনুষ্ঠিত কৰিলে সোণালী জয়ন্তী উৎসৱ ৷ হিন্দু-মুছলমানৰ মিলনভূমি ৰূপে জনাজাত এই গাঁওখন হৈছে ২নং মাকেলী গাঁও ।
কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এই ২নং মাকেলী গাঁওখনত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰে সোণালী জয়ন্তী উৎসৱ ৷ উল্লেখ্য় যে পলাশবাৰী সমষ্টিৰ চিমনা কেন্দুতল গাঁৱৰ বাসিন্দা আছিল এই লোকসকল ৷ ১৯৬৯ চনত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেঁটি সকলো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় কতহী গাঁওখন ৷ যাৰ ফলত ২৭৯ টাকৈ পৰিয়াল সৰ্বশ্ৰান্ত হয় গৰাহখহনীয়াত ৷
ইয়াৰ পাচত অসম চৰকাৰে চিমনা কেন্দুতলৰ পৰা আনি বকোৰ ২নং মাকেলী গাঁৱত হিন্দু-মুছলমানসহ ২৭৯ টা পৰিয়ালক ৰিজাৰ্ভ মাটিত বাসস্থানৰ ব্যৱস্থা কৰি দিয়ে ৷ সেই সময়ত প্ৰতিটো পৰিয়ালক ৪ বিঘাকৈ মাটি প্ৰদান কৰে চৰকাৰে ৷ তেতিয়াৰে পৰা ২নং মাকেলীত হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকসকল একেলগে ভাতৃৰ দৰে বসবাস কৰি আহিছে ৷
সেয়ে গাঁওবাসীয়ে ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সোনালী জয়ন্তী উৎসৱ পালন কৰে ৷ কাৰ্যসূচী অনুসৰি যোৱা ১৬ ডিচেম্বৰত পতাকা উত্তোলন কৰাৰ পাচতে বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয় । নিশা বিপিন চাউদাঙে গীতৰ শৰাই আগবঢ়ায় ৷ ইপিনে, অন্তিম দিনা এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত জ্য়েষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইয়াৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ এই স্মৃতিগ্ৰন্থখন মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ বিমল মজুমদাৰে ৷ উল্লেখ্য় যে ২০২০-২১ চনত এই গাঁওখনক আদৰ্শ গাঁও হিচাপে অসম চৰকাৰে স্বীকৃতি দিয়ে ৷
লগতে পঢ়ক:বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যুঁজক; নীতিশ কুমাৰক প্ৰত্যাহ্বান গিৰিৰাজ সিঙৰ