কামৰূপ, 16 আগষ্ট: কমলপুৰৰ বৰমাৰৈত নিজ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃ-মাতৃক ৷ দেওবাৰে পুৱা প্ৰায় 7:30 বজাত সংঘটিত হয় এই ঘটনা ৷ স্থানীয় লোক আৰু আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দেৱৰু কাকতি (৭২) আৰু বাসন্তী কাকতি (৬৫) ৰ তৃতীয় পুত্ৰ দ্বীপেন কাকতিয়ে কোনো ঘৰুৱা কন্দলৰ বাবেই নিজ পিতৃ-মাতৃক হত্যা কৰে ৷ পৰিয়ালটোত বহু দিনৰে পৰাই বাক-বিতণ্ডা চলি আহিছিল বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ৷
আনহাতেস পুত্ৰ দ্বীপেন কাকতিয়ে নিজ মুখে সংবাদ মাধ্যমৰ লগতে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে তেওঁ সংঘটিত কৰা এই নৃশংস কাণ্ডৰ বিষয়ে ৷ অভিযুক্তজনে উল্লেখ কৰা অনুসৰি, বহু দিনৰ পৰাই তেওঁ ভুগি আছে কোনো শাৰীৰিক-মানসিক অস্থিৰতাত ৷ যাৰ বাবে তেওঁ সেই কাম কৰাৰ পূৰ্বে এবাৰলৈয়ো ভাবি নাচালে ৷ হত্যাকাৰী পুত্ৰই তেওঁৰ কৰ্মৰ বাবে অনুতপ্ত হৈ নিজেই বিচাৰিছে ফাঁচীৰ দৰে শাস্তি ৷ উল্লেখ্য যে, পিতৃ-মাতৃক হত্যা কৰি হত্যাকাৰী পুত্ৰই ঘৰৰ আচবাব আদিও লণ্ড-ভণ্ড কৰে ৷ এগৰাকী চুবুৰীয়া যুৱকে তেওঁৰ সেই কামত বাধা দিয়াত চুবুৰীয়া যুৱক গৰাকীকো বাঁহেৰে প্ৰহাৰ কৰে অভিযুক্তই ৷ ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অভিযুক্ত দ্বীপেন কাকতিক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক: নাক বজাৰ বাবেই 65 বছৰীয়া পিতৃক হত্যা কৰিলে পুত্ৰই