ETV Bharat / state

জেষ্ঠ্য নাগৰিকৰ চৰণ ধুৱাই আশীৰ্বাদ ল'লে প্ৰমিলা ৰাণী ব্ৰহ্মই

author img

By

Published : Mar 7, 2020, 11:44 PM IST

শনিবাৰে ৰঙিয়াত জেষ্ঠ্য নাগৰিকৰ চৰণ ধুৱাই আশীৰ্বাদ ল'লে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । ৰঙিয়াত অনুষ্ঠিত সমাজ কল্যাণ বিভাগৰ বিশাল সভাত আশ্ৰয়হীন তথা জেষ্ঠ নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আয়োজন কৰে 'চেতনা' দিৱস নামৰ এক অনুষ্ঠানৰ ।

ৰঙিয়া
জেষ্ঠ্য নাগৰিকৰ চৰণ ধুৱাই আশীৰ্বাদ প্ৰমিলা ৰাণী ব্ৰহ্মৰ

ৰঙিয়া, 7 মাৰ্চঃ ৰঙিয়াত সমাজ কল্যাণ বিভাগৰ বিশাল সভা ৷ সভাত জেষ্ঠ্য নাগৰিকৰ চৰণ ধুৱাই আশীৰ্বাদ লয় সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । মন্ত্ৰী গৰাকীক সংগ দিলে জলসিঞ্চন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা আৰু মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । সমাজ কল‍্যাণ বিভাগৰ দ্বাৰা আয়োজিত এক বিশাল সভাত উপষ্ঠিত থাকে কেইবা শতাধিক জেষ্ঠ নাগৰিক । আশ্ৰয়হীন তথা জেষ্ঠ নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বিভাগে আয়োজন কৰে 'চেতনা' দিৱসৰ ।

সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সমাজ কল‍্যাণ বিভাগৰ দায়িত্ব দিয়া বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰি কয় যে, তেখেতে বিভাগটোৰ দায়িত্ব দিয়াৰ কাৰণে শনিবাৰে এই জেষ্ঠসকলৰ চৰণ ধুৱাই আশীৰ্বাদ ল'ব পাৰিছো । সমাজত জেষ্ঠ নাগৰিকসকল সুৰক্ষিত হৈ থাকিলেহে এখন সুন্দৰ তথা সংস্কাৰী সমাজ আশা কৰিব পাৰি বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে এক মমতাময়ী মাতৃৰ দৰে শিশুসকলক পায়স খুৱাই মন্ত্ৰীগৰাকীয়ে জেষ্ঠ নাগৰিকসকলকো চেলেং চাদৰ, ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ।

জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই বিজেপি চৰকাৰে সমাজৰ প্ৰতিটো স্তৰৰ লোকক সামৰি আঁচনি গ্ৰহণ কৰা কাৰ্য্যই চৰকাৰৰ ৰাইজৰ প্ৰতি দায়বদ্ধতাক সূচাইছে বুলি কয় । সাংসদ দিলীপ শইকীয়াই সমাজৰ পিতৃ মাতৃসকল সুৰক্ষিত হৈ থাকিলেহে সমাজৰ প্ৰতিটো প্ৰজন্মই নিজ লক্ষ্য-উদ্দেশ্যত উপনীত হ'ব বুলি উল্লেখ কৰে । সভাত মনোৰোগ বিশেষজ্ঞ চিকিৎসক জয়ন্ত দাসে জেষ্ঠ নাগৰিক সকলক উদ্দেশ‍্যি কয় যে প্ৰতিজন জেষ্ঠ নাগৰিকেই একো একোজন যুৱক । প্ৰতিজন জেষ্ঠ নাগৰিক সুস্থ-সবল হৈ থাকিব হ'লে মনেৰে তেওঁলোক সেউজ হৈ থাকিব লাগিব । সমাজ কল‍্যাণ বিভাগ কামৰূপ জিলাৰ উদ‍্যোগত অনুষ্ঠিত সভাখনত বিভাগটোৰ কেইবাজনো শীৰ্ষ বিষয়া উপষ্ঠিত থাকে ।

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.