ETV Bharat / state

কৰ্মসংস্থাপন বিচাৰি মুম্বাইলৈ যোৱা হাজোৰ দ্বীপজ্যোতি দাসৰ আজিও সন্ধান নাই - কৰ্মসংস্থাপন বিছাৰি বহিৰাজ্যত গৈ সদ্ধানহীন

চাকৰি দিয়াৰ প্ৰলোভনেৰে ধুবুৰীৰ গোলোকগঞ্জৰ ৰহমত আলীয়ে লৈ গৈছিল মুম্বাইলৈ ৷ ৰে'লেৰে গৈ 18 জুনত যুৱকজন মুম্বাইত উপস্থিত হয় আৰু ঘৰলৈ ফোন কৰি বিপদত পৰাৰ কথা জনায় ৷

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যত গৈ সদ্ধানহীন হাজোৰ যুৱক
author img

By

Published : Jun 22, 2019, 6:27 PM IST

হাজো, 22 জুনঃ বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ সন্ধানহীন হাজোৰ এজন যুৱক ৷ সন্ধানহীন হোৱা যুৱকজনৰ নাম দ্বীপজ্যোতি দাস ৷ যোৱা 15 জুনত হাজোৰ পৰা যুৱক জনক চাকৰি দিয়াৰ প্ৰলোভনেৰে এসময়ত কৰ্মসূত্ৰে চিনাকী হোৱা ধুবুৰী গোলোকগঞ্জৰ ৰহমত আলীয়ে লৈ গৈছিল মুম্বাইলৈ ৷ ৰে'লেৰে গৈ 18 জুনত যুৱকজন মুম্বাইত গৈ উপস্থিত হয় আৰু তাৰ পিচতে ঘৰলৈ ফোন কৰি বিপদত পৰাৰ কথা জনায় ৷ ফোনযোগে পৰিয়ালৰ লোকক "মই মৰি গ'লে মোক ৰহমতে শেষ কৰিব আৰু বচালেও ৰহমতেই মোক বচাব পাৰিব" বুলি জানিবলৈ দিয়ে ৷

বহিঃৰাজ্যত সন্ধানহীন হাজোৰ যুৱক

সেই ফোন কলৰ পিছত আজিলৈ কোনো খবৰ নাই দ্বীপজ্যোতি দাসৰ, বন্ধ হৈ আছে মোবাইল ফোন । ইফালে যোগাযোগ কৰিব পৰা নাই ৰহমত আলীৰ সৈতেও ৷ এই ৰহস্যজনক ফোন কলৰ পিছতে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

লগতে পঢ়কঃ ভুৱা পৰিচয়েৰে যুৱতীক প্ৰেমৰ জালত পেলাই ৰঙাঘৰৰ আলহী হ'ল এজন

এতিয়া স্থানীয় ৰাইজ আৰু পৰিয়ালৰ প্ৰশ্ন মানৱ দেহ অংগৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিলে নেকি দ্বীপজ্যোতিক ? ৰহমত আলীয়ে ক`ত লৈ গল যুৱকজনক? এই সকলোবোৰৰ উত্তৰ পোহৰলৈ আহিব আৰক্ষীৰ সঠিক তদন্তৰ পিচতহে ৷

VISUALS SEND BY FTP
Slug- HAJO BOY SUSPECTED MISSING IN MUMBAI 
22-06-19

Script- সাৱধান কৰ্ম সংস্থাপনৰ আশাত কাৰোবাৰ প্ৰলোভনত বহিঃ ৰাজ্যলৈ যোৱাৰ পূৰ্বে ১০০ বাৰ চিন্তা কৰক। ১৫ জুনৰ কথা, হাজোৰ এইজন যুৱক দ্বীপজ্যোতি দাসক চাকৰি দিয়াৰ প্ৰলোভনেৰে এসময়ত কৰ্মসূত্ৰে চিনাকী হোৱা ধুবুৰী গোলোকগঞ্জৰ ৰহমত আলীয়ে লৈ গৈছিল মুম্বাইলৈ, কিন্তু ১৮ জুন তাৰিখে মুম্বাই গৈ পোৱাৰ পিছতে মুম্বাই ৰেল ষ্টেচনৰ দ্বীপজ্যোতিৰ ফোন ঘৰলৈ, মা মোৰ জীৱন এতিয়া ৰহমতৰ হাতত,  কি হয় ঠিক নাই মই মৰি গলে মোক ৰহমতে শেষ কৰিব আৰু বচালেও ৰহমতেই মোক বচাব পাৰিব। এনে এটা ৰহস্যজনক ফোন কল পাই হাহাকাৰ লাগিল যুৱক জনৰ হাজোৰ খানপাৰাৰ ঘৰখনত। চাকৰিৰ আশাত বহি ৰাজ্যলৈ ঢাপলি মেলা দ্বীপজ্যোতিৰ কি হল! কিয় মৃত্যুৰ আগজাননী পাইছে দ্বীপজ্যোতিয়ে! ৰহমত আলীয়ে ক`ত লৈ গল যুৱকজনক! সেই ফোন কলৰ পিছত আজিলৈ কোনো খবৰ নাই দ্বীপজ্যোতি দাসৰ, বন্ধ মোবাইল ফোন। মানৱ দেহ অংগৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিলে নেকি দ্বীপজ্যোতিক। এনে বহু প্ৰশ্ন এতিয়া খুলি খুলি খাইছে পৰিয়ালটোক। ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। ঘটনা সন্দৰ্ভত হাজো আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Byte-১)দীপজ্যোতিৰ পিতৃ 
         ২)স্হানীয লোক 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.