কামৰূপ, 3 জুনঃ সন্মুখত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ ৷ ঈদৰ প্ৰাক্ ক্ষণত শৰাইঘাট দলঙৰ দুয়োপাৰে সৃষ্টি হৈছে প্ৰচণ্ড যান-জঁট ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ঘণ্টাৰ পাছত ঘণ্টা যান-জঁটত আবদ্ধ হ'বলগীয়া হৈছে বহু গাড়ী-মটৰ ৷ শৰাইঘাটৰ পুৰণি দলংখন মেৰামতি চলি থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰে'ল বিভাগে 20 জুনত মুকলি কৰাৰ কথা আছে যদিও বৰ্তমান দলঙৰ দুয়োপাৰে সৃষ্টি হৈছে তীব্ৰ যান-জঁট ৷
ইপিনে শৰাইঘাটৰ যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল যদিও কামৰূপ জিলা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি ভ্ৰূক্ষেপ নিদিয়াৰ অভিযোগ উঠিছে ৷