আমিনগাঁও, 29 মে': আমিনগাঁৱত মন্দিৰ নিৰ্মাণক লৈ দুই ফৈদৰ মাজত সংঘাত ৷ পঞ্চায়ত কৰ্মী আৰু ৰাইজৰ মাজত হোৱা সংঘাত পালেগৈ পঞ্চায়তৰ কাৰ্যালয় ৷ আমিনগাঁও ইষ্ট কলনীৰ এটা মন্দিৰ স্থানান্তৰ কৰাত ৰাইজক বাধা প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি কোৱা চুজয় চাহা নামৰ লোকজনে ৷ এই ঘটনাক লৈয়ে দীৰ্ঘদিন ধৰি সংঘাত হৈ আছিল স্থানীয় ৰাইজ আৰু চুজয় চাহাৰ মাজত ৷
সমগ্ৰ ঘটনা সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। তাৰোপৰি এই ঘটনাক লৈ আমিনগাঁও লাচিত গড়গাঁও পঞ্চায়তৰ বিজেপি কৰ্মীৰ মাজতো বিসম্বাদৰ সৃষ্টি হয় ৷ আনহাতে বিজেপি নেতা পুষ্প ডেকাৰ বিৰুদ্ধেও মাটি খনন,আই আই টি ভূমি বেদখলকে ধৰি কেইবাটাও চাঞ্চল্যকৰ অভিযোগ তুলিছে বিজেপি নেতা গোপাল টিৱাৰীয়ে।