কামৰূপ, 23 জানুৱাৰী : বিগত এমাহ ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা কামৰূপৰ মদনপুৰৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা নিশা এক মান বজাত টোলগেটত 20-25 জনীয়া এটা যুৱকৰ দল প্ৰৱেশ কৰি মদনপুৰৰ টোলগেট লণ্ডভণ্ড কৰিবলৈ চেষ্টা কৰে। হাতে হাতে লোৰ ৰ'ড, পাইপ, হকী ষ্টীক, তৰোৱাল আদি লৈ যুৱকৰ দলটো টোলগেটত প্ৰৱেশ কৰে ৷
উক্ত যুৱকৰ দলটোৱে টোলগেটৰ বহু সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে টোলগেটৰ কৰ্মচাৰীক মাৰপিত কৰে। ইয়াৰ পিচতে টোলগেট কৰ্তৃপক্ষই লগে লগে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত চাংসাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । চাংসাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক আফাজুদ্দিন আহমেদৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত দুৰ্বৃত্তৰ দলটোৱে আৰক্ষী বিষয়া গৰাকীক তৰোৱাল দেখুৱাই ভাবুকি প্ৰদান কৰে ৷
আৰক্ষীৰ দলটোবে লগে লগে দুৰ্বৃত্তৰ দলটোৰ এজনক আটক কৰে ৷ ইফালে, দুৰ্বৃত্তৰ দলটোৰ বাকী কেইগৰাকী যুৱক ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইয়াৰ পিচতে চাংসাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মন, কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃনাল কুমাৰ দাস আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে অভিযান চলাই আৰক্ষীৰ দলটোৱে দুগৰাকী দুৰ্বৃত্তক আটক কৰাৰ লগতে আন দুগৰাকী যুৱকক তদন্তৰ বাবে আটক কৰে।
চাংসাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি আটকাধীন পাঁচ ব্যক্তিৰ মাজৰে চাৰিআলি নগাঁৱৰ ৰাণা আলি, চিন্তু বৰা আৰু মদনপুৰৰ নন্দেশ্বৰ ডেকা নামৰ লোক কেইজন ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ তথ্য পোৱা গৈছে ৷ অন্য দুগৰাকী ব্যক্তিক সোধপোছৰ বাবে আটক কৰা হৈছে সদৰি কৰিছে আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনে।
তদুপৰি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে টোলগেটলৈ যোৱা আৰক্ষী দলটোক দুষ্কৃতিকাৰী কেইগৰাকীয়ে যথেষ্ট অসভ্য আচৰণ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰিছিল । যাৰ বাবে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ব্যক্তি কেইজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি চাংসাৰী আৰক্ষীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সহাঁয়ত যুৱক কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিছে আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনে ৷
লগতে পঢ়ক :দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য