গুৱাহাটী, 15 জুন : ব্যস্ততাত মাজত হয়টো কেতিয়াবা আমি অনাথ শিশুসকলৰ কথা পাহৰি যাঁও । এইবাৰ এই অনাথ শিশু সকলৰ ওচৰ চাপিছে ভাৰতীয় জীৱন বীমা নিগমে । অনাথ শিশুসকলে আশ্ৰমৰ পৰা বিভিন্ন বিদ্যালয়লৈ অহা-যোৱা কৰোতে হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰ বিমান বন্দৰৰ সমীপত অৱস্থিত এছ অ' এছ শিশুগাঁৱত বাস কৰা শিশুসকলৰ বাবে ভাৰতীয় জীবন বীমা নিগমে আগবঢ়াইছে এখন স্কুলবাছ ।
সামজিক দায়বদ্ধতা আঁচনিৰ (চি এছ আৰ) অংশ হিচাপে এছ অ' এছ শিশুগাঁৱত শিক্ষার্থীসকলৰ সুবিধাৰ বাবে এখন স্কুল বাছ প্ৰদান কৰে ভাৰতীয় জীৱন বীমা নিগমে । এই উপলক্ষে শিশুগাঁৱৰ চৌহদত আয়োজিত অনুষ্ঠানত ভাৰতীয় জীবন বীমা নিগমৰ বিষয়া লগতে বৰঝাৰ বিমানবন্দৰৰ পৰিচালক সঞ্চলক উপস্থিত থাকি বাহনখন আশ্ৰমখনলৈ প্ৰদান কৰে।