ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰ সভা নহয়, যেন সাংস্কৃতিক অনুষ্ঠানহে !

author img

By

Published : Dec 5, 2020, 1:58 PM IST

ৰঙিয়াত শুকুৰবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ-এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰ ৰাইজক সংগীতেৰে মোহাচ্ছন্ন কৰে কণ্ঠশিল্পী বাবু আৰু নেকিবে ৷ নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ কংগ্ৰেছ-এআইইউডিএফ নেতাসকল সভাত উপস্থিত হোৱাৰ বাবে অতিষ্ঠ হৈ পৰিছিল ভোটাৰ ৰাইজ ৷

babu and nekib singing
কণ্ঠশিল্পী বাবু আৰু নেকিবৰ সংগীতানুষ্ঠান

ৰঙিয়া,5 ডিচেম্বৰ : ৰাজনৈতিক সভা নহয় যেন, এয়া সাংস্কৃতিক সন্ধিয়াহে। এসময়ৰ আমনিদায়ক ৰাজনৈতিক ভাষণৰ সলনি সুমধুৰ সংগীতৰ মূৰ্চনা এতিয়া ৰাজনৈতিক সভাত । এইবাৰ দলে-বলে বহু শিল্পী ৰাজনৈতিক দলত যোগদান কৰাৰ পাচত সলনি হৈছে নিৰ্বাচনী প্ৰচাৰৰ সভাৰ দৃশ্য ।

শুকুৰবাৰে ৰঙিয়াত অনুষ্ঠিত হোৱা কংগ্ৰেছ-এআইইউডিএফৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত কণ্ঠশিল্পী বাবু আৰু নেকিবৰ গীতে মুহিলে ভোটাৰ ৰাইজক ৷ সভাখনত বদৰুদ্দিন আজমল সমন্বিতে নেতাসকল উপস্থিত হোৱাৰ পূৰ্বে গায়ক দুগৰাকীয়ে সংগীত পৰিৱেশন কৰা পৰিলক্ষিত হয় ।

অৱশ্যে নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ বদৰুদ্দিন আজমল, ৰিপুণ বৰাকে ধৰি বাকী নেতাসকল সভাত উপস্থিত হৈছিল । কিন্তু সভা এৰি যাবলৈ ওলোৱা ৰাইজক নিজৰ সংগীতেৰে মোহাচ্ছন্ন কৰি ৰাখিলে শিল্পী দুগৰাকীয়ে ।

লগতে পঢ়ক : ২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.