ETV Bharat / state

হাজোৰ ৰামদিয়াত শিপিনিৰ মৌন প্ৰতিবাদ - হাজোত ৰামদিয়াত শিপিনিৰ মৌন প্ৰতিবাদ

বিভিন্ন সমস্যাৰ সমাধানৰ দাবীৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে শিপিনীসকলে ৷

Silent protest by weavers at Hajo of kamrup
কামৰূপ জিলাৰ হাজোত শিপিনিৰ মৌন প্ৰতিবাদ
author img

By

Published : Jun 1, 2020, 3:05 PM IST

কামৰূপ, 1 জুন: লক ডাউনৰ মাজতে কামৰূপ জিলাৰ হাজোত ৰামদিয়া চৈতন্যদেৱ চিল্ক উইভিং সমবায় সমিতিৰ শিপিনিৰ মৌন প্ৰতিবাদ ৷ কৰ'ণাৰ সন্ত্ৰাসৰ বাবে দেশজুৰি বলৱৎ হোৱা লক ডাউনৰ বাবে বাবে ব্যৱসায় বন্ধ হৈ পৰাত লোকচানৰ সন্মুখীন হোৱা শিপিনীসকলে সহায়ৰ দাবীৰে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ তেওঁলোকৰ বিভিন্ন সমস্যা সমুহৰ সমাধানৰ দাবীৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে শিপিনীসকলে ৷

Silent protest by weavers at Hajo of kamrup
কামৰূপ জিলাৰ হাজোত শিপিনিৰ মৌন প্ৰতিবাদ

উল্লেখ্য যে, লক ডাউনৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে হাজোৰ ৰামদিয়া চৈতন্যদেৱ চিল্ক উইভিং সমবায় সমিতিৰ প্ৰায় তিনিহাজাৰ শিপিনী ৷ মুখ্যত বস্ত্ৰ নগৰী শুৱালকুছিৰ নিকটৱৰ্তী ৰামদিয়া বঙালতোলাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিপিনীসকল ৷ যাৰ ফলত চৰকাৰৰ সহায় বিচাৰি সোমবাৰে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ ৰামদিয়া বঙালতোলা শ্ৰী শ্ৰী চৈতন্য সত্ৰ প্ৰাংগণত মৌন প্ৰতিবাদ কৰিবলৈ বাধ্য হয় শিপিনীসকল ৷

কামৰূপ জিলাৰ হাজোত শিপিনিৰ মৌন প্ৰতিবাদ

উল্লেখ্য যে কেঁচা মালৰ বৰ্দ্ধিত মূল্য আৰু উৎপাদিত সামগ্ৰীৰ উচিত বজাৰৰ অভাৱত ব্যৱসায় মন্দা হোৱাৰ অভিযোগ শিপিনীসকলৰ ৷ ইয়াৰ পাছতো শিপিনী সকলে জোৰা-টাপলি মাৰি ব্যৱসায় চলাই আছিল যদিও লক ডাউনৰ ফলত শিপিনী সকলে পৰিয়াল পোহপাল দিব নোৱাৰি ভীষণ সমস্যাৰ সন্মুখীন হৈছে। শিপিনীসকলৰ দ্বাৰা উৎপাদিত পাট-মুগাৰ কাপোৰ বিক্ৰী কৰিব নোৱাৰাত সন্মুখীন হৈছে চৰম বিপৰ্যয়ৰ ৷ এই অভাৱনীয় সময়ছোৱাত ব্যৱসায়ী সকলেও কাপোৰ ক্ৰয় নকৰা হৈছে বুলি জনাইছে শিপিনীসকলে ৷ আনহাতে সামান্য পৰিমাণে বিক্ৰী হোৱা সামগ্ৰীখিনিও উপায়ন্তৰ হৈ কম মূল্যত দিবলগীয়াত পৰিছে শিপিনীসকল ৷

লগতে পঢ়কঃ ৰাজ্যত পুনৰ 23 জনৰ দেহত কৰ'ণা ভাইৰাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.