আজাৰা, 29 ছেপ্তেম্বৰ : ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (SI) পদৰ নিযুক্তি কাণ্ডৰ সৈতে জড়িত এজন পৰীক্ষাৰ্থীক আটক ৷ নলবাৰীৰ আৰক্ষীয়ে দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাজিৰিপাৰাৰ পৰা আটক কৰে পৰীক্ষাৰ্থীগৰাকীক ৷ আটকাধীন পৰীক্ষাৰ্থীজন বাজিৰিপাৰাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া প্ৰশন্ন দাসৰ পুত্ৰ গুঞ্জন দাস(২৩) বুলি জানিব পৰা গৈছে ৷
বিজয়নগৰ আৰক্ষীৰ সহযোগত 507/20 U.S 120 (B) / 406, 420, 418 IPC ৰ অধীনত আটক কৰা হয় গুঞ্জন দাসক ৷ ধৃত যুৱকজনে গুৱাহাটীৰ থেংক ইউ ল'জত পৰীক্ষাৰ বাবে আগতীয়াকৈ প্ৰশিক্ষণ ল'বলৈ গৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মোবাইল ফোন ৷ এই ফোনৰ পৰা বহু তথ্য লাভ কৰিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, নিশাই যুৱকজনক নলবাৰীলৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক : ২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে