ETV Bharat / state

ৰঙিয়াত অকৰ্তৃত্বশীলভাৱে একাংশ বিদ্যালয়ৰ চৰকাৰী বন্ধ পালন

author img

By

Published : Oct 28, 2019, 7:34 PM IST

ৰঙিয়াত আজৱ কাণ্ড ৷ চৰকাৰী নিৰ্দেশনা অবিহনে অকৰ্তৃত্বশীলভাৱে বন্ধ ৰখা বিদ্যালয়ৰ বিৰুদ্ধে দণ্ডাধীশৰ চৰজমিন অনুসন্ধানত ফাদিল প্ৰকৃত সত্য ৷

ৰঙিয়াত অকৰ্তৃত্বশীলভাৱে একাংশ বিদ্যালয়ৰ চৰকাৰী বন্ধ পালন

ৰঙিয়া,28 অক্টোবৰঃ দীপাৱলী পিছদিনা কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াত কেইবাখনো বিদ্যালয়ে অকৰ্তৃত্বশীলভাৱে বিদ্যালয় বন্ধ ৰখা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কোনো চৰকাৰী নীতি-নিৰ্দেশনা অবিহনে অঞ্চলটোৰ একাংশ চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ কৰ্তৃপক্ষই নিজ খেয়াল-খুঁচিমতে দীপাৱলীৰ পিছদিনা বিদ্যালয় বন্ধ ৰখাৰ বিষয়ে প্ৰথম অৱগত হয় ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা ৷ ছাত্ৰ সংগঠনটোৱে বিষয়টো কামৰূপ জিলা প্ৰশাসনক অৱগত কৰাত ৰঙিয়াৰ মহকুমাধিপতিয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্তৰ বাবে দুজনকৈ দণ্ডাধীশক নিদেৰ্শনা প্ৰেৰণ কৰে ৷ দণ্ডাধীশ দুগৰাকীয়ে মহকুমাটোৰ কেইবাখনো বিদ্যালয়ত চৰজমিন তদন্তৰ যোগেদি বিনা চৰকাৰী নিৰ্দেশনাত বিদ্যালয় বন্ধ ৰখাতো ধৰা পেলায় ৷ লক্ষণীয়ভাৱে দীপাৱলী উপলক্ষে কামৰূপ জিলা প্ৰশাসনে কোনো বন্ধ ঘোষণা নকৰাৰ পিছতো বিদ্যালয় বন্ধ ৰখাত অভিভাৱক সকলো ক্ষুণ্ণ হৈ পৰিছে । জানিব পৰা মতে দীপাৱলীৰ পিছদিনা কেৱল কামৰূপ মেট্ৰপলিটান জিলাতহে প্ৰশাসনে চৰকাৰী বন্ধ ঘোষণা কৰিছিল ৷ তেনেস্থলত কামৰূপ জিলাত অৱস্থিত ৰঙিয়াৰ কিছুসংখ্যক বিদ্যালয়ে চৰকাৰী নিৰ্দেশনা অবিহনে বন্ধ পালন কৰা কাৰ্যত ৰাজ্যৰ শৈক্ষিক মহলে উদ্বিগ্নতা ব্যক্ত কৰিছে ৷

আৰু পঢ়ক ভাতৃ দ্বিতীয়া উপলক্ষে মঙলবাৰে 7 জিলাত স্থানীয় বন্ধ

Intro:চৰকাৰী নিৰ্দেশনা অবিহনে অকৰ্তৃত্বশীল ভাৱে বন্ধ ৰখা বিদ্যালয়ৰ বিৰুদ্ধে দণ্ডাধীশৰ তদন্তBody:ৰঙিয়াত আজৱ কাণ্ড । চৰকাৰ বা জিলা উপায়ুক্তই নহয় , এইবাৰ খোদ অধ্যক্ষই বন্ধ দিলে বিদ্যালয় । দীপাৱলী উপলক্ষে আজি কামৰূপ জিলাৰ ৰঙিয়াৰ কেইবাখনো বিদ্যালয় আজি অকৰ্তৃত্বশীলভাৱে বন্ধ ৰখাত ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেইবাখনো বিদ্যালয় বন্ধ ৰখা সন্দৰ্ভত ৰঙিয়া আঞ্চলিক ছাত্র সন্হাই প্ৰশাসনক অৱগত কৰাত ৰঙিয়াৰ মহকুমাধিপতিয়ে ঘটনা সন্দৰ্ভত তদন্তৰ বাবে দুজনকৈ দণ্ডাধীশক নিৰ্দেশ দিয়ে । দণ্ডাধীশে কেইবাখনো বিদ্যালয়লৈ গৈ অকৰ্তৃত্বশীলভাৱে বিদ্যালয় বন্ধ ৰখাতো ধৰা পেলায় । কোনো চৰকাৰী নিৰ্দেশনা নথকাৰ পিছতো বিদ্যালয় প্ৰধানে বিদ্যালয় বন্ধ ৰখাত ৰঙিয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লক্ষ্যণীয় ভাৱে দীপাৱলী উপলক্ষে কামৰূপ জিলা প্ৰশাসনে কোনো বন্ধ ঘোষণা নকৰাৰ পিছতো বিদ্যালয় বন্ধ ৰখাত অভিভাৱক সকলো ক্ষুণ্ণ হৈ পৰিছে ।ছাত্ৰসন্হাই ছাত্ৰ-ছাত্ৰীৰ লগত হেতালি নেখেলিবলৈ সংশ্লিষ্ট পক্ষক সকীয়াই দিছে ।
বাইট : দণ্ডাধীশ , ছাত্র নেতা ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.