ETV Bharat / state

ৰঙিয়াত দৰিদ্ৰ কৃষকৰ মাজত ধানৰ বীজ বিতৰণ আছুৰ

author img

By

Published : Jun 4, 2021, 8:36 AM IST

ৰঙিয়াত দৰিদ্ৰ কৃষকৰ মাজত ধানৰ বীজ বিতৰণ কৰিলে বালিসত্ৰ ছাত্ৰ সন্থাই । ১০০ গৰাকী খেতিয়কৰ মাজত ৰঞ্জিত ধানৰ বীজ বিতৰণ কৰে সংগঠনটোৱে ।

Seeds distribution in Rangia
দৰিদ্ৰ কৃষকৰ মাজত ধানৰ বীজ বিতৰণ বালিসত্ৰ ছাত্ৰ সন্থাৰ

ৰঙিয়া, ৪ জুন: দৰিদ্ৰ কৃষকলৈ সহায়ৰ হাত আগবঢ়াইছে আছুৰ বালিসত্ৰ সমিতিয়ে । আৰ্থিক অনাটনে জুৰুলা কৰা কৃষকৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰে ছাত্ৰ সন্থাই । কৰ'ণা মহামাৰীয়ে বিপৰ্যয় অনাৰ সময়ত চৰকাৰ তথা কৃষি বিভাগে দৰিদ্ৰ কৃষকলৈ সহযোগিতা আগবঢ়োৱাৰ পৰিৱৰ্তে আছুৰ বালিসত্ৰ সমিতিয়ে কৃষকসকলক কিছু সকাহ দিবলৈ প্ৰয়াস কৰিছে ।

অঞ্চলটোৰ ১০০ গৰাকী খেতিয়কৰ মাজত উন্নত মানৰ ৰঞ্জিত ধানৰ বীজ বিতৰণ কৰে সংগঠনটোৱে । বৰ্তমান ধানৰ বীজ ক্ৰয় কৰিবলৈ এই সকল কৃষকৰ হাতত পৰ্যাপ্ত ধন নাছিল । যাৰ বাবে আৰ্থিক সংকটত ভূগিব লগা হৈছিল কৃষকসকলে ।

এনে সময়তে দৰিদ্ৰ খেতিয়ক সকলৰ কাষত থিয় দিছে আছুৱে । সংগঠনটোৰ এই পদক্ষেপৰ শলাগ লৈছে খেতিয়কসকলে । লগতে খেতিয়কসকলে আছুৱে বিতৰণ কৰা এই বীজ ৰোপণ কৰি লাভৱান হোৱাৰ আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ পৰা নিয়ন্ত্ৰণ উত্তৰ-পূৱৰ এখন ক’লা সাম্ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.