হাজো, 27 মে': হাজোৰ সমাজ কল্যাণ বিভাগত ভয়াৱহ নিযুক্তি কেলেংকাৰী। নীতি বৰ্হিভূতভাৱে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ CDPO কানন তালুকদাৰ আৰু কৰ্মচাৰী চিৰাজুদ্দিন শ্বেইখৰ বিৰুদ্ধে । 1991 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গৰোবৰিৰ অংগণবাড়ী কেন্দ্ৰত কাম কৰি অহা হাজোৰ চুৰমা খাতুন নামৰ মহিলাগৰাকীয়ে চিকিৎসাধীন হৈ থকাৰ সুযোগ লৈ টকাৰ বিনিময়ত কৰ্মী গৰাকীৰ ঠাইত আন মহিলাক নিযুক্তি দিয়াৰ অভিযোগ CDPOৰ বিৰুদ্ধে ৷
হাজোৰ সমাজ কল্যাণ বিভাগত নিযুক্তি কেলেংকাৰীৰ অভিযোগ
চিকিৎসাধীন অৱস্থাত থকা কৰ্মীক বঞ্চিত কৰি হাজোৰ সমাজ কল্যাণ বিভাগত অবৈধ নিযুক্তিৰ অভিযোগ। নীতি বৰ্হিভূতভাৱে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ CDPO কানন তালুকদাৰ আৰু কৰ্মচাৰী চিৰাজুদ্দিন শ্বেইখৰ বিৰুদ্ধে ।
সমাজ কল্যাণ বিভাগত নিযুক্তি কেলেংকাৰীৰ অভিযোগ
হাজো, 27 মে': হাজোৰ সমাজ কল্যাণ বিভাগত ভয়াৱহ নিযুক্তি কেলেংকাৰী। নীতি বৰ্হিভূতভাৱে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ CDPO কানন তালুকদাৰ আৰু কৰ্মচাৰী চিৰাজুদ্দিন শ্বেইখৰ বিৰুদ্ধে । 1991 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গৰোবৰিৰ অংগণবাড়ী কেন্দ্ৰত কাম কৰি অহা হাজোৰ চুৰমা খাতুন নামৰ মহিলাগৰাকীয়ে চিকিৎসাধীন হৈ থকাৰ সুযোগ লৈ টকাৰ বিনিময়ত কৰ্মী গৰাকীৰ ঠাইত আন মহিলাক নিযুক্তি দিয়াৰ অভিযোগ CDPOৰ বিৰুদ্ধে ৷
*হাজোৰ সমাজ কল্যান বিভাগত নিযুক্তি কেলেংকাৰী*
*চিকিৎসাধীন অৱস্থাত থকা কৰ্মীক বঞ্চিত কৰি অবৈধ নিযুক্তি*
Script- হাজোৰ সমাজ কল্যান বিভাগত ভয়াবহ নিযুক্তি কেলেংকাৰী। নীতি বহিঃভূত ভাবে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ CDPO কানন তালুকদাৰ আৰু একাউণ্টেন্ত শেখৰ বিৰুদ্ধে। এইগৰাকী হাজোৰ গৰোবৰি আংনবাদী কৰ্মী চুৰমা খাতুন। 1991 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আংনবাদী কেন্দ্ৰত কাম কৰি আছে। পিছে এইগৰাকী কৰ্মী চুৰমা খাতুনে গোল্ড ব্ৰদাৰ অস্ত্ৰোপচাৰৰ বাবে চেন্নাইৰ এপল হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত নীতি বৰ্হিভূত ভাবে টকাৰ বিনিময়ত কৰ্মী গৰাকীৰ বেমাৰ হোৱাৰ সুযোগ লৈ CDPO কানন তালুকদাৰ আৰু একাউণ্টেন্ত চিৰাজুদ্দিন শেখে নিযুক্তি দিলে ৰেছুমা বেগম নামৰ এগৰাকী যুৱতীক। চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰ কৰি উভতিয়েই হতবাশ হৈ পৰিল কৰ্মী গৰাকী। CDPO ই জনালে তেওঁৰ NO WORK NO PAY। সমাজ কল্যান বিভাগক নিজৰ পৈত্ৰিক সম্পত্তি বুলি ভবা কানন তালুকদাৰে এই দৰে লিপ্ত হৈছে দুৰ্নীতিত। কেৱল এয়াই নহয় পূৰ্বৰ কৰ্মী গৰাকীৰ দৰমহাৰ টকাও ৰেছুমা বেগমৰ একাউন্টলৈ দিছে CDPO কানন তালুকদাৰে। 1991 চনৰ পৰা আংনবাদী কেন্দ্ৰটোত কাম কৰি থকা কৰ্মী গৰাকীৰ এৰিয়াৰ কেইবা কিষ্টি ধন সুমুৱাই দিছে অবৈধ ভাৱে নিযুক্তি দিয়া ৰেছুমা বেগমৰ নামত। এনে এক প্ৰেক্ষাপটত কৰ্মী গৰাকী বিচাৰিছে ন্যায়। এগৰাকী কৰ্মীয়ে চিকিৎসাধীন অৱস্থাত অবৈধ ভাৱে টকাৰ বিনিময়ত চাকৰি দিয়া CDPO কানন তালুকদাৰ আৰু একাউণ্টেন্ত চিৰাজুদ্দিন শেখৰ বিৰুদ্ধে কি ব্যৱস্থা লব বিভাগে!!! ভুক্তভোগী কৰ্মী গৰাকী এতিয়া কাষ চাপিছে হাজো আৰক্ষীৰ। পূৰ্বতেও শিশুৰ নামত অহা খাদ্যৰ ধন আত্মসাত কৰ্মীৰ পৰা ধন সংগ্ৰহকে ধৰি একাধিক অভিযোগ আছে CDPO কানন তালুকদাৰ আৰু একাউণ্টেন্ত চিৰাজুদ্দিন শেখৰ বিৰুদ্ধে।
BYTE-ভুক্ত ভোগী কৰ্মী চুৰমা খাতুন।
ভুল ভোগী কৰ্মীৰ জীয়ৰী