ETV Bharat / state

ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

author img

By

Published : May 9, 2021, 1:16 PM IST

ৰাজ্যপাল জগদীশ মুখীৰ হাতত নিজ পদত্যাগ পত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে ৷ ৰাজভৱনৰ পৰা পোনে পোনে দুয়োগৰাকী নেতাই একেলগে উপস্থিত হয় বিধানসভাৰ মজিয়াত ৷

sarbananda sonowal formally tenders his resignation to governor
ৰাজ্যপালক পদত্যাগ পত্ৰ দিখিল কৰিলে সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্ক, 9 মে’: ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ বাবে দিছপুৰত অনুষ্ঠিত হৈছে বিধায়িনী দলৰ বৈঠক ৷ কিন্তু বিধায়িনী দলৰ এই বৈঠকখন অনুষ্ঠিত হোৱাৰ পূৰ্বে বিজেপি বিধায়কসকলে বিধানসভাৰ মজিয়াত উপস্থিত হোৱাৰ সময়তে ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত ৷

এই সাক্ষাতৰ পিছতেই সৰ্বানন্দ সোণোৱাল ৰাওনা হয় ৰাজভৱনলৈ আৰু ৰাজ্যপাল জগদীশ মুখীৰ হাতত দাখিল কৰে নিজ পদত্যাগ পত্ৰ ৷ ৰাজভৱনৰ পৰা পোনে পোনে দুয়োগৰাকী নেতাই একেলগে উপস্থিত হয় বিধানসভাৰ মজিয়াত ৷

লগতে পঢ়ক-দিল্লীৰ ব্লু-প্ৰিণ্ট: হিমন্তই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.