গুৱাহাটী, 16 মেঃ বিগত 1 মে'ত নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰা বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন মাণ্ডলিক নিৰ্দেশক সঞ্জীৱ জিন্দালে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰে ৷ বৃহস্পতিবাৰে নিজৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিয়ে এইদৰে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য ব্যক্ত কৰে বিমানবন্দৰ প্ৰাধিকৰণৰ নৱনিযুক্ত মাণ্ডলিক বিষয়াগৰাকীয়ে ৷
উল্লেখ্য যে, সঞ্জীৱ জিন্দাল হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্ব লাভ কৰা 15 সংখ্যক মাণ্ডলিক নিৰ্দেশক ৷ নিজৰ কৰ্মৰ চানেকিৰূপে বিগত বৰ্ষত শ্ৰেষ্ঠ জনসেৱা বঁটাও লাভ কৰিছিল বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে নিজৰ দায়িত্ব লাভ কৰি আগৰতলা, ইম্ফল আৰু শ্বিলং বিমানবন্দৰ ভ্ৰমণ কৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিমানবন্দৰকে নতুন ৰূপত সজাই ভাৰতৰ বাকী প্ৰান্তৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷