ETV Bharat / state

কলা শাখাত তৃতীয় স্থান দখল ৰঙিয়াৰ প্ৰাগমেটিক একাডেমীৰ ছাত্ৰী সংগীতা দাসৰ - কলা শাখাত তৃতীয় স্থান দখল ৰঙিয়াৰ প্ৰাগমেটিক একাডেমীৰ ছাত্ৰী সংগীতা দাসৰ

ৰঙিয়াৰ ২ নং নকুলৰ হৰেশ্বৰ দাস আৰু নিৰদা দাসৰ তৃতীয় কন্যা সংগীতাই ভৱিষ্যতে এগৰাকী IAS হোৱাৰ সপোন পুহি ৰাখিছে ।

Sangita das
সংগীতা দাস
author img

By

Published : Jun 25, 2020, 8:03 PM IST

ৰঙিয়া, 25 জুন: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে সংগীতা দাসে । প্ৰাগমেটিক একাডেমীৰ ছাত্ৰী সংগীতাই কলা শাখাত মুঠ ৪৭৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । ৰঙিয়াৰ ২ নং নকুলৰ হৰেশ্বৰ দাস আৰু নিৰদা দাসৰ তৃতীয় কন্যা সংগীতাই ভৱিষ্যতে এগৰাকী IAS হোৱাৰ সপোন পুহি ৰাখিছে । সংগীতাই নিজৰ সফলতাৰ শ্ৰেয় শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃ দিয়ে ।

সংগীতা দাস

লগতে পঢ়কঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল বঙাইগাঁৱৰ ফাৰহানুৰ

দৈনিক ৮ ৰ পৰা ১০ ঘন্টাকৈ অধ্যয়ন কৰিছিল সংগীতাই । আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়াত যথেষ্ট কষ্ট হৈছিল সংগীতাৰ । সুদীৰ্ঘ ২৩ বছৰে এখন ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি আহিছে সংগীতাৰ পিতৃয়ে । ২০১৩ চনত প্ৰাদেশীকৰণ হৈছিল বিদ্যালয়খন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.