ETV Bharat / state

বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীক আক্ৰমণ বালি ব্যৱসায়ীৰ

বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-কৰ্মচাৰীৰ সৈতে সংঘাত এজন বালি ব্যৱসায়ীৰ ৷ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত ছয়গাঁও থানাত এজাহাৰ দাখিল বালি ব্যৱসায়ী ৰাজদ্বীপ দাসৰ ৷

বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীক আক্ৰমণ বালি ব্যৱসায়ীৰ
বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীক আক্ৰমণ বালি ব্যৱসায়ীৰ
author img

By

Published : Sep 11, 2020, 8:53 PM IST

বকো, 11 ছেপ্তেম্বৰ: পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-কৰ্মচাৰীৰ দলেৰে হোৱা সংঘাতত এজন বালি ব্যৱসায়ী আহত হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আহত বালি ব্যৱসায়ীজন বিজয়নগৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত তেজপুৰৰ ৰাজদ্বীপ দাস ওৰফে বাবু ।

বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীক আক্ৰমণ বালি ব্যৱসায়ীৰ

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বন বিভাগৰ তহলদাৰী দল এটাই ছয়গাঁৱৰ গুমি পথত AS-01A-3985 নম্বৰৰ চালান বিহীন ভাৱে বালি কঢ়িওৱা ট্ৰাক এখন জব্দ কৰি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ নিয়ে । পিচত পুৱতি নিশা প্ৰায় 3.30 বজাত ৰাজদ্বীপ দাসে গাড়ীখন মোকলোৱাৰ উদ্দেশ্যে বন কাৰ্যালয়টোত উপস্থিত হয় ।

বন কাৰ্যালয়টোৰ বিষয়াৰ অভিযোগ অনুসৰি ৰাজদ্বীপ দাসে কাৰ্যালয়টোত উপস্থিত হৈ এগৰাকী বন বিষয়াক আক্ৰমণ কৰাৰ লগতে বনকৰ্মীৰ বন্দুকতো হাত দিয়ে । যাৰ প্ৰত্যাক্ৰমণ হিচাপে তেওঁলোকে ৰাজদ্বীপ দাসকো প্ৰহাৰ কৰিব লগা হয় । ৰাজদ্বীপ দাসে ঘটনা সন্দৰ্ভত ইতিমধ্যে ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্তত হে ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

লগতে চাওক-হাইলকান্দিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ দুৰ্নীতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.