কামৰূপ, 2 জুন: প্ৰাক্তন সেনা বিষয়া মহম্মদ সোণা উল্লাহক বিদেশী ঘোষণাকলৈ হোৱা বিতৰ্কই নিতৌ নতুন মোৰ লৈছে । এইবাৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু । বকো আৰক্ষী থানাত এজাহাৰ দাখিল তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে । এজাহাৰ দাখিল কৰে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু মহম্মদ কুৰাণ আলীয়ে । তদন্তৰ প্ৰতিবেদনত সাক্ষী হিচাপে নাম সন্নিবিষ্ট আছে তিনিওজনৰ । সমগ্ৰ ঘটনা সন্দৰ্ভত জ্ঞাত নহয় তেওঁলোক । সাক্ষ্য প্ৰদান কৰিবলৈও মতা নাই বুলি মন্তব্য তিনিওগৰাকী ব্যক্তিৰ ৷ এই কথা জানিবলৈ দিয়ে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু মহম্মদ কুৰাণ আলীয়ে ।
উল্লেখ্য যে, ভাৰতীয় সেনাত 30 বছৰ চাকৰি কৰি 2017 চনত অসম আৰক্ষীৰ সীমান্ত শাখাত এএছআই হিচাপে যোগদান কৰিছিল বিদেশী ঘোষিত সোণা উল্লাহে ৷