ETV Bharat / state

সাহিত্য সভাৰ অধিৱেশনৰ বাবে বিশেষ ফেৰী সেৱা

author img

By

Published : Feb 1, 2020, 7:37 PM IST

Updated : Feb 1, 2020, 8:32 PM IST

শুকুৰবাৰৰ পৰা শুৱালকুছিত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন ৷ বিভিন্ন স্থানৰ পৰা অহা সাহিত্য অনুৰাগীসকলক আদৰিবলৈ অসম সাহিত্য সভাই গ্ৰহণ কৰিছে বিশেষ যাতায়ত ব্যৱস্থা ৷

sahitya sabha at sualkuchi
শুৱালকুছিত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন

দক্ষিণ কামৰূপ, 1 ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল বস্ত্ৰনগৰী শুৱালকুছি । শুকুৰবাৰৰ পৰা শুৱালকুছিত আৰম্ভ হৈছে এই পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন । ৩১জানুৱাৰীৰ পৰা ৪ফ্ৰেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনকলৈ বৰ্তমান শুৱালকুছিত উখল মাখল পৰিৱেশ ৷ বিভিন্ন প্ৰান্তৰ পৰা সাহিত্য অনুৰাগী আহিছে শুৱালকুছিৰ জ্যোতিক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনলৈ ।

সাহিত্য সভাৰ এই অধিৱেশনত ইতিমধ্যে ৰাজ্যৰ শতাধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে । বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া সাহিত্য অনুৰাগীক আদৰিবলৈ অসম সাহিত্য সভাই লৈছে যাতায়তৰো ব্যৱস্থা । ইতিমধ্যে জলপথৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছে উদ্যোক্তাসকলে । পলাশবাৰীৰ পৰা শুৱালকুছিলৈ অসম চৰকাৰৰ আভ্যন্তৰীণ জল বিভাগে লৈছে বিশেষ ব্যৱস্থা । আভ্যন্তৰীণ জল বিভাগে পলাশবাৰীৰ পৰা শুৱালকুছি, শুৱালকুছিৰ পৰা পলাশবাৰীলৈ জলপথত আগবঢ়াই দিছে বিশেষ ফেৰী সেৱা । ১০ টকা মূল্যতে উপলদ্ধ এই ফেৰী সেৱা । দৈনিক ৰাতিপুৱা ৯বজাৰ পৰা ৫ বজালৈ উপলদ্ধ হোৱা এই সেৱাৰ ফলত যথেষ্ট সুবিধা হৈছে সাহিত্য অনুৰাগীৰ । বৰ্তমানলৈ দুখন ফেৰী চলাচল কৰি আছে যদিও সাহিত্য প্ৰেমীৰ ভিৰ বেছি হ'লে পুনৰ ফেৰী মোকলাই দিয়া হ'ব বুলি জনাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকে । এই বিশেষ ফেৰী সেৱাৰ ফলত দক্ষিণ কামৰূপৰ সাহিত্য অনুৰাগীৰ মাজত ব্যাপক উৎসাহ সৃষ্টি হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃবাজেট 2020 : পাঁচটা পৰ্যায়ত চৰকাৰৰ কৰ প্ৰণালী ঘোষণা

Intro:অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে আভ্যন্তৰীন জল পৰিবহন বিভাগে আগবঢ়াই দিছে বিশেষ ফেৰী সেৱা ।
Body:Vo...অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল বস্ত্ৰনগৰী শুৱালকুছি । যোৱাকালিৰে পৰা শুৱালকুছিত আৰম্ভ হৈছে পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন । ৩১জানুৱাৰীৰ পৰা ৪ফ্ৰেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনক লৈ উখল মাখল পৰিৱেশ শুৱালকুছিত । শুৱালকুছিৰ জ্যোতিক্ষেত্ৰত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোক । সাহিত্য সভাৰ এই অধিৱেশনত ইতিমধ্যে ৰাজ্যৰ শতাধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে । বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া সাহিত্যঅনুৰাগীক আদৰিবলৈ অসম সাহিত্য সভাই লৈছে যাতায়তৰো ব্যৱস্থা । জলপথতো বিশেষ ব্যৱস্থা লৈছে উদ্যোগতাসকলে । পলাশবাৰীৰ পৰা শুৱালকুছিলৈ অসম চৰকাৰৰ আভ্যন্তৰীন জল বিভাগে লৈছে বিশেষ ব্যৱস্থা । আভ্যন্তৰীন জল বিভাগে পলাশবাৰীৰ পৰা শুৱালকুছি,শুৱালকুছিৰ পৰা পলাশবাৰীলৈ জলপথত আগবঢ়াই দিছে বিশেষ ফেৰী সেৱা । ১০টকা মুল্যতে উপলদ্ধ এই ফেৰী সেৱা । দৈনিক ৰাতিপুৱা ৯বজাৰ পৰা ৫ বজালৈ উপলদ্ধ হোৱা এই সেৱাৰ ফলত বহুতো সুবিধা হৈছে সাহিত্যঅনুৰাগীৰো ।

Bite1..সাহিত্যঅনুৰাগী ।

বৰ্তমানলৈ দুখন ফেৰী চলাচল কৰি আছে যদিও যদিহে সাহিত্য প্ৰেমীৰ ভিৰ বেছি হয় তেন্তে পুনৰ ফেৰী মোকলাই দিয়া হ'ব জনাই আভ্যন্তৰীন জল পৰিবহন বিভাগৰ লোকে ।

Bite2..আভ্যন্তৰীন জল পৰিবহন বিভাগৰ বিষয়া ।
Conclusion:এই বিশেষ ফেৰী সেৱাৰ ফলত দক্ষিণ কামৰূপৰ সাহিত্যঅনুৰাগীৰ মাজত ব্যাপক উৎসাহ সৃষ্টি হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰত যঠেষ্ঠ সুবিধা হোৱা পৰিলক্ষিত হৈছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Feb 1, 2020, 8:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.