ৰঙিয়া,৮ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত সোমবাৰে 'বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনি' সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড অভিযান প্ৰৱন্ধন গোটৰ উদ্যোগত সমষ্টিটোৰ ৩৭৭ টা আত্মসহায়ক গোটৰ সদস্যাসকলক লৈ এই সজাগতা সভাখনৰ আয়োজন কৰা হয় ।
আত্মসহায়ক গোটসমূহে 'বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনি'ৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান লাভ কৰিব । এই অনুদানৰ ধনেৰে উৎপাদনমুখী কামত জড়িত হৈ মহিলাসকলক স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায় সভাত উপস্থিত থকা স্থানীয় বিধায়ক তথা শিক্ষা আৰু জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই । লগতে সোণোৱাল চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এই আঁচনিৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লাভ কৰা উক্ত মহিলাসকলক আয় দুগুণ কৰাৰ বাবে সু-পৰিকল্পনাৰে আগবঢ়াৰ পৰামৰ্শ দিয়ে । ইয়াৰোপৰি আত্মসহায়ক গোটসমূহক ক্ষুদ্ৰ বেংকলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ কথাও জনায় মন্ত্ৰী ভৱেশ কলিতাই ।
সভাত খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্ত, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, জিলা প্ৰকল্প বিষয়া লক্ষীনন্দন গোস্বামী, খণ্ড প্ৰকল্প বিষয়া ত্ৰিবেণী দাসৰ লগতে বহু সংখ্যক পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে । উল্লেখ্য যে, ৰাজ্যৰ নাৰীসকলক সামাজিকভাৱে সবল আৰু আৰু আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ২০১৮ চনৰ ১৩ এপ্ৰিলত 'কনকলতা মহিলা সবলীকৰণ আঁচনি'খনৰ আৰম্ভ কৰিছিল ।
লগতে পঢ়ক: নগাঁৱত কাব্য গ্ৰন্থ উন্মোচন ফেচবুক গ্রুপৰ