ETV Bharat / state

বন্দুক দেখুৱাই ৰঙিয়াত ডকাইতি কাণ্ড

মটৰ চাইকেলেৰে অহা ছয় জনীয়া ডকাইতৰ দলে চুৰিৰে আঘাত কৰাৰ লগতে বন্দুক দেখুৱাই কাঢ়ি নিলে ব্যৱসায়ীৰ বেগ ৷

author img

By

Published : Sep 16, 2019, 11:43 AM IST

বন্দুক দেখুৱাই ৰঙিয়াত ডকাইতি কাণ্ড

ৰঙিয়া,16 চেপ্তেম্বৰঃ ৰঙিয়াত পিয়াপি দি ফুৰিছে দুৰ্ধৰ্ষ ডকাইতৰ দলে ৷ নিশা হ'লেই ডকাইতৰ দলৰ টাৰ্গেট হৈ পৰিছে একাংশ ব্যৱসায়ী ৷ দেওবাৰে ৰঙিয়াৰ শলমাৰী নিবাসী ময়দুল ইছলাম নামৰ ব্যৱসায়ীজনে ৰঙিয়াত থকা নিজ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থকাৰ পথতেই আক্ৰমণৰ সন্মুখীন হয় ছয় জনীয়া এটা ডকাইতৰ দলৰ ৷ মটৰ চাইকেলেৰে অহা ডকাইতৰ দলটোৱে প্ৰথমে ব্যৱসায়ী জনক খুন্দা মাৰি পথৰ কাষত পেলাই দিয়ে আৰু তাৰ পাছতেই বন্দুক দেখুৱাই ব্যৱসায়ীজনৰ হাতত থকা টকাৰ বেগ কাঢ়ি লৈ তৎক্ষণাত উধাও হয় ঘটনাস্থলীৰ পৰা ৷ ইয়াৰোপৰি ডকাইতৰ দলটোৱে চুৰিৰে আঘাত কৰাৰ ফলত আহত হয় ব্যৱসায়ী জন ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ডকাইতৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও সদাব্যস্ত ৰঙিয়া মহকুমাধিপতি পথত ঘটা এনে ঘটনাই আতংকিত কৰি তুলিছে ৰঙিয়াৰ ৰাইজক।

Intro:ৰঙিয়াত নিশা ডাকাইতি, আহত এজনBody:ৰঙিয়াত নিশা ডকাইতৰ টাৰ্গেট ব্যৱসায়ী । দোকান বন্ধ কৰি ঘৰমুৱা হওতেই ৰঙিয়া মহকুমাধিপতি পথত ডকাইতি ব্যৱসায়ীক । পিষ্টল দেখুৱাই ,চুৰিৰে ব্যৱসায়ীক আঘাট কৰি লৈ যায় বেগ । ডকাইতৰ আক্ৰমণত আহত হয় সাৰ ব্যৱসায়ী ময়দুল ইচলাম । ৰঙিয়াৰ শলমাৰী নিবাসী ময়দুল ইচলামে ৰঙিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠান কামৰূপ বীজ ভাণ্ডাৰ বন্ধ কৰি ঘৰমুৱা হওতেই কিছুদুৰ যোৱাৰ পিছতেই তিনিখন বাইকত অহা ছয়জনীয়া ডকাইতৰ দলে প্ৰথমে খুন্দা মাৰি পেলাই দিয়ে ।তাৰ পিছত আগচি ধৰি পিষ্টল দেখুৱাই ,চুৰিৰে ব্যৱসায়ীজনক আঘাট কৰি বেগটো লৈ যায় । ছয়জনীয়া ডকাইতৰ দলটোৱে তীব্ৰ গতিত চিৰাখুন্দিৰ ফালে আতৰি যায় ।ব্যৱসায়ীজনে জনোৱামতে বেগটোত দোকানৰ চাবিৰ বাহিৰে অন্য একো নাছিল। আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। সদাব্যস্ত ৰঙিয়া মহকুমাধিপতি পথত ঘটা এনে ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.