ETV Bharat / state

ডকাইতৰ ত্ৰাসে টোপনি হৰিছে শৌলমাৰীবাসীৰ

ৰঙিয়া নগৰৰ শৌলমাৰীত আতংকৰ সৃষ্টি কৰিছে ডকাইতে । নিশা হ'লেই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ডকাইতিৰ চেষ্টা চলায় । এতিয়ালৈকে দুবাৰকৈ ডকাইতিৰ চেষ্টা চলালে শৌলমাৰীৰ ব্যৱসায়ী আনোৱাৰ হুছেইনৰ ঘৰত ।

author img

By

Published : Aug 24, 2021, 7:12 PM IST

ডকাইতৰ ত্ৰাসে টোপনি হৰিছে শৌলমাৰীবাসীৰ
ডকাইতৰ ত্ৰাসে টোপনি হৰিছে শৌলমাৰীবাসীৰ

ৰঙিয়া, ২৪ আগষ্ট: নিৰপত্তাহীনতাত ভূগিছে ৰঙিয়া নগৰৰ শৌলমাৰী অঞ্চলৰ ৰাইজে । বিগত কিছু দিন ধৰি ডকাইতে নিদ্ৰা হৰিছে অঞ্চলবাসীৰ । হাতত অস্ত্ৰ লৈ ভয় দেখুৱাই ডকাইতিৰ চেষ্টা কৰে দুৰ্ধৰ্ষ ডকাইতে । সোমবাৰে নিশাও শৌলমাৰীত এনে এক ঘটনা সংঘটিত হয় ।

নিশা ব্যৱসায়ী আনোৱাৰ হুছেইনৰ ঘৰত দুটাকৈ ডকাইতে প্ৰৱেশৰ চেষ্টা কৰিছিল । এনে সময়তে স্থানীয় লোকে দুয়োকে দেখা পাই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ডকাইত দুটা পলায়ন কৰে । এয়াই প্ৰথম নহয় । ব্যৱসায়ী আনোৱাৰ হুছেইনৰ ঘৰত একেৰাহে দুদিন ডকাইতিৰ চেষ্টা চলোৱা হৈছে ।

দেওবাৰে নিশা প্ৰায় ২.৫৫ বজাত ব্যৱসায়ীজনৰ বাসগৃহত প্ৰায় ২০ মিনিট ধৰি কলিং বেল বজায় ডকাইতৰ দলে । কিন্তু গৃহস্থই দৰ্জা খুলি নিদিয়াত ডকাইতে ঘৰৰ দৰ্জা ভাঙিবলৈ চেষ্টা কৰে ।

ডকাইতৰ ত্ৰাসে টোপনি হৰিছে শৌলমাৰীবাসীৰ

লগে লগে ব্যৱসায়ী আনোৱাৰ হুছেইন, তেওঁৰ পত্নী আৰু দুই সন্তান আতংকিত হৈ চিঞৰ-বাখৰ কৰে । স্থানীয় লোকৰ সমাগম দেখি তিনিজনীয়া ডকাইত দলটো সেই স্থানৰ পৰা পলায়ন কৰে । আনোৱাৰ হুছেইনৰ পত্নীয়ে জনোৱা মতে, ডকাইতকেইটাই মুখত কলা কাপোৰ বান্ধি, ক'লা ৰঙৰ কাপোৰ পৰিধান কৰি আহিছিল । তিনিটা ডকাইতৰ ভিতৰত এটাৰ হাতত আছিল পিষ্টল ।

খিৰিকীৰে তিনিওটা ডকাইতক প্ৰত্যক্ষ কৰিছিল আনোৱাৰ হুছেইনৰ পত্নীয়ে । প্ৰথম দিনা ডকাইতিৰ চেষ্টা চলোৱাৰ পাছতে পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে । কিন্তু পিছদিনাও একে সময়তে পুনৰ আহিল ডকাইতৰ দল । কিন্তু ডকাইতৰ আশাত চেঁচাপানী পৰিল ।

স্থানীয় কেইগৰাকীমান লোকে ডকাইত দুটাক প্ৰত্যক্ষ কৰে । লগে লগে হুৱাদুৱা লাগে আৰু সেই স্থানত অৰ্ধ শতাধিক লোক উপস্থিত হয় । একাংশই ডকাইত দুটাক পিছে পিছে খেদি যায় যদিও ডকাইত দুটা পলায়ন কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । লগতে নিশাৰ ভাগত শৌলমাৰী অঞ্চলত টহল দিয়াৰ ব্যৱস্থা কৰিব বুলি আৰক্ষীয়ে ৰাইজক আশ্বাস দিছে । এই ঘটনাক লৈ ৰঙিয়া নগৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.