ETV Bharat / state

ছয়গাঁৱত পথ দুৰ্ঘটনা, নিহত 1 - etv bharat assam

বাছখন আধাতে দলঙৰ ৰেলিঙত ওলমি ৰোৱাত ভিতৰত থকা যাত্ৰী সকলৰ মাজত হুৱা দুৱা লাগে ৷ লগে লগে ওচৰৰ পৰা বহু লোক দৌৰি আহি যাত্ৰী সকলক খিৰিকীৰে আৰু জৰুৰী দৰ্জাখনেৰে বাহিৰলৈ উলিয়াই আনে ৷

ছয়গাঁৱত পথ দুৰ্ঘটনা, নিহত 1
author img

By

Published : Jul 8, 2019, 9:08 PM IST

  • ছয়গাঁৱৰ গোৱৰ্ধনত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে 1 নিহত হোৱাৰ উপৰিও আহত হয় কেইবাজনো
  • গোৱালপাৰাৰ পৰা গুৱাহাটীৰ দিশে অহা AS-01-HC-7445 নম্বৰৰ বাছখনে AS 01AB 8921 নম্বৰৰ ইণ্ডিকাখনক খুন্দা মাৰে
  • ফলত দলঙৰ ৰেলিঙত ওলমি ৰয় বাছখন
  • যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল 30 জনৰো অধিক যাত্ৰীৰ
  • আনহাতে, দুৰ্ঘটনাত নিহত ব্যক্তিজন বাছখনৰ হেন্দিমেন দীপক কলিতা বুলি চিনাক্ত
    ছয়গাঁৱত পথ দুৰ্ঘটনা, নিহত 1

  • ছয়গাঁৱৰ গোৱৰ্ধনত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে 1 নিহত হোৱাৰ উপৰিও আহত হয় কেইবাজনো
  • গোৱালপাৰাৰ পৰা গুৱাহাটীৰ দিশে অহা AS-01-HC-7445 নম্বৰৰ বাছখনে AS 01AB 8921 নম্বৰৰ ইণ্ডিকাখনক খুন্দা মাৰে
  • ফলত দলঙৰ ৰেলিঙত ওলমি ৰয় বাছখন
  • যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল 30 জনৰো অধিক যাত্ৰীৰ
  • আনহাতে, দুৰ্ঘটনাত নিহত ব্যক্তিজন বাছখনৰ হেন্দিমেন দীপক কলিতা বুলি চিনাক্ত
    ছয়গাঁৱত পথ দুৰ্ঘটনা, নিহত 1
Intro:সোমবাৰে বিয়লি ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয় ৷Body:ছয়গাঁও ৮ জুলাই : ছয়গাঁৱৰ গোৱৰ্ধনত সোমবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ৩০ জনৰো অধিক যাত্ৰীৰ ৷ ইয়াৰ বিপৰীতে দুৰ্ঘটনাটোত এজন লোক নিহত হয় ৷ নিহত লোকজন হ’ল দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ হেন্দিমেন দীপক কলিতা ৷ জানিবপৰামতে গোৱালপাৰাৰ পৰা গুৱাহাটীৰ দিশে তীব্ৰ বেগত আহি থকা AS 01H C7445 নম্বৰৰ মা বিমলা নামৰ আল্ট্ৰা বাছখনে গোৱৰ্ধনৰ শনি মন্দিৰৰ ওচৰত আন এখন বাছক অতিক্ৰম কৰাৰ সময়তেই সন্মুখৰ পৰা অহা AS 01AB 8921 নম্বৰৰ ইণ্ডিকা গাড়ীখনক তীব্ৰ খুন্দা মাৰি বাছখন পথৰ বাওফালে গৈ ওচৰতে থকা দলঙৰ ৰেলিঙত ওলমি ৰয় ৷ বাছখন আধাতে দলঙৰ ৰেলিঙত ওলমি ৰোৱাত ভিতৰত থকা যাত্ৰী সকলৰ মাজত হুৱা দুৱা লাগে ৷ লগে লগে ওচৰৰ পৰা বহু লোক দৌৰী আহি যাত্ৰী সকলৰ কোনোবাক খিৰিকীৰে আৰু কোনোবাক জৰুৰী দৰ্জাখনেৰে বাহিৰলৈ উলিয়াই আনে ৷ পৰিতাপৰ কথা যে স্থানীয় লোকে বাছখনৰ যাত্ৰী সকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাছখনৰ হেন্দিমেন দীপক কলিতাক উদ্ধাৰ কৰিবলৈ সক্ষম নহল ৷ কিয়নো হেন্দিমেনজনক বাছৰ আগপিনৰ পৰা হেছি ধৰাত টানি টানিও উলিয়াবলৈ সক্ষম নহ’ল ৷ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে বাছখনৰ আগৰ অংশ কাটি হেন্দিমেনজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও ঘটনাস্থলীৰ পৰাই হেন্দিমেনজনক উদ্ধাৰ কৰিব নোৱাৰাত বহুসময় ধৰি গাড়ীৰ ভিতৰতে চটফটাই অৱশেষত মৃত্যুক সাৱটি লয় ৷ পিছত বাছখন ওচৰেৰে গেৰেজলৈ টানি নি বাছৰ আগ অংশ কাটি হেন্দিমেনজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷Conclusion:উক্ত দুৰ্ঘটনাটোত বাছখনৰ ভিতৰত থকা দুজনমান যাত্ৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ইণ্ডিকা খনত থকা লোকো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ দুৰ্ঘটনাটোত বাছখনৰ আগঅংশ আৰ ইণ্ডিকা খনৰ আগৰ অংশ যথেষ্ট ক্ষতি হয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.