বকো, 14 নৱেম্বৰ : বকোৰ শিৱ মন্দিৰৰ সমীপত 17নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় দুৰ্ঘটনা । পথত মৃতদেহ দেখি গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা BSFৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱায় । যাৰ ফলত দুৰ্ঘটনাত পতিত হয় BSFৰ HR 26 BQ 8382 নম্বৰৰ স্ক'ৰপিঅ'খন । কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় BSFৰ পাঁচজনকৈ জোৱান । ইফালে পথত পৰি থকা মৃতদেহটো অচিনাক্ত বাহনৰ খুন্দাত নিহত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ । অচিনাক্ত বৃদ্ধজনৰ মৃতদেহ বকো আৰক্ষী থানাত ৰখা হৈছে ।
লগতে পঢ়ক : কৰিমগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য