আজাৰা,21 জানুৱাৰীঃ দক্ষিণ কামৰূপৰ উপৰহালীত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী কয়লা ভৰ্তি ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাটোৰ ফলত দুজন পথচাৰী থিতাতে নিহত হোৱাৰ লগতে আহত হয় দুজন । নিহত লোক দুজন হৈছে-মহেন্দ্ৰ নাথ আৰু চুৰথ জামাল ৷
আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ কয়লা ভৰ্তি ট্ৰাকখন তীব্ৰ বেগেৰে অহাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS-25EC-3412 ৷ দুৰ্ঘটনাটোৰ ফলত পথটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ কিন্তু ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ ততালিকে পথছোৱা মুকলি কৰি দিয়ে।