ৰঙিয়া,20 মে’: ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুণগাঁৱত পথ দুৰ্ঘটনা । দ্ৰুতবেগী চাৰিচকীয়া আই ১০ বাহনে খুন্দিয়ালে চাইকেল আৰোহীক । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে চাইকেল আৰোহীজন ।
প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী অভিমুখী AS 01 BN 8278 নম্বৰৰ আই ১০ বাহনখনে চাইকেল আৰোহীজনক পিছফালৰ পৰা খুন্দিয়ায় । যাৰ ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহীজন ।
স্থানীয় ৰাইজে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত লোকজনক কমলপুৰ আদৰ্শ চিকিৎসায়ত ভৰ্তি কৰায় । পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত চাইকেল আৰোহীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে । বৰ্তমানলৈকে দুৰ্ঘটনাত আহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত সুৰাৰ ঘাটি উচ্ছেদ: আটক এজন