আজাৰা, 14 এপ্ৰিল : ব'হাগৰ প্ৰথম দিনাই মহানগৰীৰ ধাৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰিল চাৰিচকীয়া বাহন । ছয়গাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত AS 01 EH 8922 নম্বৰৰ এখন ৱাগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰি ধাৰাপুৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত দ্বীপৰ বিলত পৰি যায় । ৱাগনাৰ বাহন খনত আছিল ৰঙিয়া কিতপূৰৰ হেলেনা আখতাৰ নামৰ এগৰাকী নাৰ্ছ আৰু নাৰ্ছ গৰাকীৰ মাতৃৰ লগতে চালক । ঘটনাস্থলীত আজাৰা যান বাহন আৰক্ষী উপস্থিত হৈ বাহন খনৰ পৰা তিনিও জনকে উদ্ধাৰ কৰি ততাতৈয়াকৈ এক্সেল কেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰে । জানিব পৰা মতে আটাইকেইজন লোকৰ অৱস্থা সংকটজনক । ঘটনাস্থলীৰ পৰা আজাৰা যান-বাহন আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰি আজাৰা থানালৈ লৈ আনে ।
![Road Accident at Dharapur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6793710_g.png)
লগতে পঢ়ক : জেঠৰ পৰা হ্ৰাস পাব কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ