ETV Bharat / state

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বকোৰ লামপাৰাৰ সমীপৰ শালনিত গুৱাহাটী অভিমুখী চিমেন্ট কঢ়িওৱা ট্ৰাক আৰু AS-01-FC-1280 নম্বৰৰ ATMৰ ধন কঢ়িওৱা (SIS PROSEGUR) বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ যাৰ ফলত পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

author img

By

Published : Feb 2, 2021, 9:13 AM IST

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বকো, 02 ফেব্ৰুৱাৰী: বকোৰ লামপাৰাৰ সমীপৰ শালনিত সোমবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। চিমেন্ট কঢ়িওৱা ট্ৰাক আৰু ATMৰ ধন কঢ়িওৱা (SIS PROSEGUR) বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। যাৰ ফলত SIS PROSEGURৰ পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। আঘাতপ্ৰাপ্ত আটাইকেই গৰাকীক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচতে সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, গুৱাহাটী অভিমুখী AS-25-EC-3621 নম্বৰৰ ট্ৰাকখনে AS-01-FC-1280 নম্বৰৰ SIS PROSEGUR বাহন খনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ আৰক্ষীৰ তৎপৰতাত SIS PROSEGUR ত থকা টকাখিনি উদ্ধাৰ কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি বেংক কৰ্তৃপক্ষক উভটাই দিয়ে ৷

লগতে পঢ়ক: বৰপেটাৰোডত ৰে'লৰ খুন্দাত মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.