ETV Bharat / state

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা: আহত 5

author img

By

Published : Aug 13, 2020, 11:09 AM IST

বকোৰ ৰাজাপাৰাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত পাঁচগৰাকী ব্যক্তি আহত হৈছে ৷ আহতসকলক সম্প্ৰতি চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে বকোৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৷

Road accident at Boko kamrup assam etv bharat news
পথ দুৰ্ঘটনা

বকো,13 আগষ্ট: দক্ষিণ কামৰূপৰ বকোৰ ৰাজাপাৰাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বকোৰ মাজেৰে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী এখন নম্বৰ প্লেটবিহীন এখন মাৰুতি ছুইফটৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় এখন মহিন্দ্ৰা বলেৰ’ বাহন ৷ সংঘৰ্ষটোৰ ফলত এএচ ০১ ইএইচ ৬৪৮৭ নম্বৰৰ বলেৰ’খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ ওপৰত ৷

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটোৰ ফলত বলেৰ’খনৰ চালক সহিতে ৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ ৰাজাপাৰাৰ স্থানীয় বাসিন্দাসকলে উদ্ধাৰ কৰি বকো আৰক্ষীৰ তৎপৰতাত চিকিৎসাৰ বাবে বকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱায় ।

লগতে চাওকঃ মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.