ETV Bharat / state

10 দিন পূৰ্বে আত্মহত্যা কৰা যুৱকৰ টেবুলত উদ্ধাৰ চুইছাইড নোটঃ ৰঙিয়াত চাঞ্চল্য

author img

By

Published : May 6, 2020, 10:54 AM IST

যোৱা ২৬ এপ্ৰিলত আত্মহত্যা কৰা পাপু চক্ৰৱৰ্তী (২৯) নামৰ যুৱক জনৰ টেবুলত, ঘটনাৰ 10 দিন পিচত উদ্ধাৰ হোৱা দুখন চুইছাইড নোটক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত ।

recovered a suicide note from the youth committed suicide in rangia

ৰঙিয়া, 6 মে': ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ এগৰাকী ফাৰ্মাচীষ্টে চিপ লৈ আত্মহত্যা কৰাৰ পিচত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত । হাস্পতাল কৰ্তৃপক্ষৰ মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ । মৃত যুৱকজন বাক্সা জিলাৰ নাগ্ৰীজুলীৰ পাপু চক্ৰৱৰ্তী (২৯) বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, মৃত যুৱকজনৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে দুখনকৈ চুইছাইড নোট । জানিব পৰা মতে, চুইছাইড নোটত স্পষ্টভাৱে উল্লেখ আছে স্পৰ্শ হাস্পতালৰ চিকিৎসক ভৰত বৈশ্য আৰু দুগৰাকী মেনেজাৰৰ কথা ।

চুইছাইড নোট
চুইছাইড নোট

চিকিৎসক ভৰত বৈশ্য আৰু দুগৰাকী মেনেজাৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ পাপুয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হ'ল বুলি উল্লেখ আছে চুইছাইড নোটত । যোৱা ২৬ এপ্ৰিলত সংঘটিত হৈছিল এই আত্মহত্যাৰ ঘটনা । আত্মহত্যাৰ ১০ দিন পিচত মঙলবাৰে আৰক্ষীয়ে পাপুৱে ব্যৱহাৰ কৰা টেবুলৰ পৰা উদ্ধাৰ কৰে চুইছাইড নোট দুখন ।

চুইছাইড নোট
চুইছাইড নোট

আনহাতে চুইছাইড নোটত উল্লেখ আছে যে, স্পৰ্শ হাস্পতালৰ চিকিৎসক ভৰত বৈশ্যই কোনো আগজাননী নিদিয়াকৈ পাপুক চাকৰিৰ পৰা বহিষ্কাৰ কৰিছিল । যাৰ বাবে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল পাপু । সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি পাপুৰ ভাতৃ প্ৰণৱ চক্ৰৱৰ্তীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । ইফালে স্পৰ্শ হাস্পতালৰ চিকিৎসক ভৰত বৈশ্যই অস্বীকাৰ কৰিছে পাপুৰ আত্মহত্যাত হাস্পতালৰ কোনো লোক জড়িত থকাৰ কথা । পাপুক চাকৰিৰ পৰা উলিয়াই দিয়া হোৱা নাছিল, লক্ ডাউনৰ বাবেহে কেইদিনমান আহিবলৈ মানা কৰা হৈছিল বুলি প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে । লগতে তেওঁ কয়, পাপুৰ মৃত্যুৰ সময়ত কোনো ধৰণৰ চুইছাইড নোট পোৱা নাছিল । কিন্তু এতিয়া ক'ৰ পৰা এই চুইছাইড নোট উদ্ধাৰ হ'ল তাক লৈ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসক ভৰত বৈশ্যই ।

10 দিন পূৰ্বে আত্মহত্যা কৰা যুৱকৰ টেবুলত চুইছাইড নোট উদ্ধাৰক লৈ ৰঙিয়াত চাঞ্চল্য

লগতে পঢ়কঃ গোৱালপাৰাত বজ্ৰ পৰি ছাত্ৰৰ মৃত্যু: মাতৃ অচেতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.