ৰঙিয়া, 26 অক্টোবৰ : ৰঙিয়াৰ জনগোষ্ঠীয় জাতীয় দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি অসমৰ নতুন ৰাজনৈতিক আঞ্চলিক দলসমূহৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে জনগোষ্ঠীয় জাতীয় দলৰ সম্পাদক গৌৰী শংকৰ শৰণীয়াই । তেওঁ কয়, অসমত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ গঠন কৰিছে যদিও তেওঁলোকে উজনি অসমতে ব্যস্ত ৷ নামনি অসমত তেওঁলোকে সাংগঠনিক ভেঁটি গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰা নাই ৷ গতিকে অসমৰ স্বাৰ্থত নতুন দল দুটাৰ ভূমিকা সন্দেহজনক বুলি কয় সংগঠনটোৰ সম্পাদক গৰাকীয়ে ৷
ইফালে , মূল্যবৃদ্ধি সন্দৰ্ভত গৌৰী শংকৰ শৰণীয়াই কয়, মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । কিন্তু চৰকাৰে তাৰ ওপৰত অলপো ভ্ৰূক্ষেপ কৰা নাই । হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি বিজেপি চৰকাৰে কেৱল ৰাজত্ব কৰিব বিচাৰিছে । জাত-পাতৰ ৰাজনীতি কৰাতকৈ সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত নজৰ দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই গৌৰী শংকৰ শৰণীয়াই ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ
বিজেপি চৰকাৰৰ দিনত বন্ধ হৈ পৰা কাগজ কল, মৰাপাট কল পুনৰ মুকলি কৰি নিবনুৱা সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়ক । ৰাজ্যৰ ১ লাখ নিবনুৱাক চাকৰি দিম বুলি কৈ থাকিলেই নিবনুৱা সমস্যা সমাধান হৈ নাযায় বুলি তীব্ৰ কটাক্ষ কৰে সংগঠনটোৰ সম্পাদক গৰাকীয়ে ।
আনহাতে উপ-নিৰ্বাচন সন্দৰ্ভত গৌৰী শংকৰ শৰণীয়াই কয়, তামুলপুৰ সমষ্টিত জনগোষ্ঠীয় জাতীয় দলে সমৰ্থন জনাইছে নিৰ্দলীয়া প্ৰাৰ্থী গণেশ কছাৰীক । উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিত ভোটাৰসকলক বিবেক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে সঘনাই দল সলাই থকা প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনায় জনগোষ্ঠীয় জাতীয় দলৰ সম্পাদক প্ৰধান গৌৰী শংকৰ শৰণীয়াই ।
লগতে পঢ়ক: বৰফ পৰা আৰম্ভ হৈছে অৰুণাচল প্ৰদেশৰ চেলা পাছত