ETV Bharat / state

সমুজ্জল ভট্টাচাৰ্যৰ বাবে অগপৰ দুৱাৰ খোলা আছে: সত্যব্ৰত কলিতা

author img

By

Published : Oct 18, 2020, 2:28 PM IST

কামৰূপ (গ্ৰাম্য) ৰ এক পঞ্চায়ত গৃহ মুকলি অনুষ্ঠানত শনিবাৰে অংশগ্ৰহণ কৰে কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই ৷ বিধায়কগৰাকীয়ে আছুৰ মজিয়াত এলাগী হৈ পৰা সমুজ্জল ভট্টাচাৰ্য সম্পৰ্কে বহু কথা ব্যক্ত কৰি প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ ভট্টাচাৰ্যক আহ্বান জনায় ৷

Reaction of Satyabrat kalita about to samujjal bhattacharyya bihata kamrup assam etv bharat news
পঞ্চায়ত গৃহ মুকলি অনুষ্ঠানত বিধায়ক সত্যব্ৰত কলিতা

বাইহাটা,18 অক্টোবৰ: কামৰূপ (গ্ৰাম্য) ৰ অন্তৰ্গত বাইহাটা গাঁও পঞ্চায়তৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়ক সত্যব্ৰত কলিতাই সমাগত বিধানসভা নিৰ্বাচন সম্পৰ্কে বহু কথা প্ৰকাশ কৰে ৷ পঞ্চায়তখনৰ অন্তৰ্গত প্ৰায় 41 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক পঞ্চায়ত গৃহ মুকলি কৰি শনিবাৰে বিধায়কগৰাকীয়ে সমুজ্জল ভট্টাচাৰ্যৰ প্ৰসংগত মন্তব্য প্ৰকাশ কৰে ৷ সুদীৰ্ঘদিনে সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সমুজ্জল ভট্টাচাৰ্যই এক মহান দায়িত্ব পালন কৰা বুলি কলিতাই প্ৰকাশ কৰে ৷ তদুপৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত এতিয়া ভট্টাচাৰ্যই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰা উচিত বুলি ব্যক্ত কৰে সত্যব্ৰত কলিতাই ৷ তাৰ বাবে অসম গণ পৰিষদ দলৰ দুৱাৰ খোলা আছে বুলি এক ইংগিতো প্ৰদান কৰে ৷ কমলপুৰত ছাত্ৰ নেতাগৰাকীৰ একালৰ সতীৰ্থ তথা বিধায়ক সত্যব্ৰত কলিতাৰ এই আহ্বানে যথেষ্ট গুৰুত্ব লাভ কৰিছে ৷

উল্লেখ্য যে, ছাত্ৰ নেতাগৰাকী সংগঠনৰ মজিয়াত এলাগী হোৱাৰ বিষয়ে যি চৰ্চা অব্যাহত আছে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কথা প্ৰকাশ কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে ৷ লগতে পৰৱৰ্তী আছুৰ অধিৱেশনত এই কথা স্পষ্ট হোৱাৰ আশা প্ৰকাশ কৰে কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই ৷

লগতে চাওকঃ গোসাঁইগাঁৱত তিনিখন অবৈধ কয়লা ভৰ্তি ট্ৰাক সহ ছয় জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.