ETV Bharat / state

৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব কৰ’ণাৰ প্ৰতিষেধক: হিমন্ত বিশ্ব শৰ্মা - ডঃ হিমন্ত বিশ্ব শৰ্মা

আমিনগাঁৱত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি নষ্টালজিক হৈ পৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য বৰ্ধন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে ৰাইজক পৰৱৰ্তী দুমাহৰ ভিতৰত কৰ’ণাৰ প্ৰতিষেধক আৱিস্কাৰ হোৱাৰ নিশ্চিতি প্ৰদান কৰি সুৰক্ষিত থকাৰ আহ্বান জনায় ৷

Reaction of health minister himanta biswa sarma on corona vaccine kamrup assam etv bharat news
31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য্য বৰ্ধন কাৰ্যসূচীত অংশগ্ৰহণ স্বাস্থ্য মন্ত্ৰীৰ
author img

By

Published : Jul 3, 2020, 1:28 PM IST

বাইহাটা,3 জুলাই: শুকুৰবাৰে আমিনগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য বৰ্ধন সম্পৰ্কীয় এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ বিশেষকৈ কৰ’ণা ভাইৰাছ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কেইবাটাও কথা প্ৰকাশ কৰি কয় যে,পৰৱৰ্তী দুমাহৰ ভিতৰত উপলব্ধ হ’ব কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক ৷ দুমাহযোৰা সংগ্ৰামৰ অন্তত ৰাজ্যবাসীয়ে এই মহামাৰীৰ পৰা সকাহ লাভ কৰিব ৷ সেয়ে পৰৱৰ্তী সময়লৈ সুস্থিৰভাৱে ৰাজ্যবাসীক অপেক্ষা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷

31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য্য বৰ্ধন কাৰ্যসূচীত অংশগ্ৰহণ স্বাস্থ্য মন্ত্ৰীৰ

সম্প্ৰতি মহানগৰীত অব্যাহত থকা লক ডাউন সন্দৰ্ভত মন্ত্ৰী শৰ্মাই ৰাজ্য় চৰকাৰে উত্তৰ গুৱাহাটীৰো ভিন্ন অংশত অচিৰে লক ডাউন ঘোষণাৰ বাবে পৰিকল্পনা যুগুত কৰাৰ কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে,Covid-19ৰ গণ সংক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰে আন বিকল্প ব্যৱস্থা নথকাত লক ডাউন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তদুপৰি এইক্ষেত্ৰত প্ৰতিখন জিলাৰ উপায়ুক্তসকলক প্ৰয়োজন সাপেক্ষে লক ডাউন জাৰি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ৷

৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব কৰ’ণাৰ প্ৰতিষেধক

ইপিনে,ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গছপুলি ৰোপণ কৰি নষ্টালজিক হৈ পৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশেষকৈ এজাৰ ফুলৰ পুলি ৰোপণৰ পিছত এজাৰৰ সৌন্দৰ্যই সদায়ে মন্ত্ৰী গৰাকীক হাত বাউলি মতাৰ বিষয়ে প্ৰকাশ কৰে ৷ কৰ’ণাৰ আতংকময় পৰিৱেশৰ মাজতো বিভিন্ন গছ ৰোপণেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য বৰ্ধনৰ প্ৰচেষ্টা অব্যাহত ৰাখে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰীগৰাকীক উক্ত কাৰ্যসূচীত সহযোগ আগবঢ়াই ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷

লগতে চাওকঃ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.