ৰঙিয়া, 29 নৱেম্বৰঃ ৰঙিয়াত এখন ভগ্নপ্ৰায় দলঙৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে এটা বৃহৎ অঞ্চলৰ ৰাইজে ৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত ব্ৰাইট ইঞ্জিনীয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কাৰ্য হাতত লৈছিল ৰঙিয়াৰ লাচি-বিষ্ণুপুৰৰ পৰা গোপালপুৰ সংযোগী দলংখনৰ ৷ কিন্তু মাত্ৰ দুমাহ কাম কৰাৰ পিছতেই হঠাৎ অজ্ঞাত কৰাণত বন্ধ হৈ পৰে কাম ৷ ফলত বিগত এটা বছৰে আধৰুৱা হৈ আছে দলঙখন ৷ এই সন্দৰ্ভত ৰাইজে কেইবাবাৰো কৰ্তৃপক্ষক অভিযোগ দাখিল কৰে যদিও বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷
আনহাতে, নিৰ্মীয়মান দলঙখনৰ কাষতে প্ৰতিষ্ঠানটোৱে যাতায়তৰ বাবে কোনো অস্থায়ী দলং নিৰ্মান কৰি নিদিয়াত পুৰণি কাঠৰ দলঙখনেৰেই ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ উৱলি যোৱা কাঠৰ লগতে দলঙখনৰ ঠায়ে ঠায়ে এৰাই থকা গজালৰ বাবে দলঙখনেৰে বৰ্তমান যাতায়ত কৰাটো বিপদসংকুল হৈ পৰিছে ৷ যাতায়তৰ অসুবিধাৰ বাবে অঞ্চলটোত প্ৰয়োজনত জৰুৰীকালীন সেৱাৰ বাহন সমূহো উপস্থিত হ’ব নোৱাৰা বুলি উল্লেখ কৰে ৰাইজে ৷ ইতিমধ্যেই দলঙখনত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ সেয়েহে অনাগত দিনত আৰু কোনো ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ পূৰ্বে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক-কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত সন্মিলিত নাগৰিক মঞ্চৰ প্ৰতিবাদ