ETV Bharat / state

Tense Situation at Rangia: পিতৃক হত্যা কৰাৰ সন্দেহত ৰাইজে আৱদ্ধ কৰিলে যুৱকক - Tense Situation at Rangia

তামুলপুৰৰ ঢোলকুচিত চাঞ্চল্যকৰ ঘটনা । পিতৃক হত্যাৰ সন্দেহত ৰাইজে বহু সময় ধৰি আৱদ্ধ কৰি ৰাখিলে এজন যুৱকক (Rangia youth trapped by public)৷ হত্যা নে আন কাৰণত যুৱকজনৰ পিতৃৰ মৃত্যু হৈছিল এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷

Tense Situation at Rangia
পিতৃক হত্যা কৰাৰ সন্দেহত ৰাইজে আবদ্ধ কৰিলে যুৱকক
author img

By

Published : Apr 20, 2022, 10:22 PM IST

ৰঙিয়া, 20 এপ্ৰিল: ৰঙিয়াৰ সমীপৰ তামুলপুৰৰ ঢোলকুচিত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা । পিতৃক হত্যাৰ সন্দেহত ৰাইজে বহু সময় ধৰি আৱদ্ধ কৰি ৰাখিলে ৰঙিয়াৰ এজন যুৱকক (Rangia youth trapped by public)। যুৱকজন হৈছে ৰঙিয়াৰ তিনিআলিৰ আছফাক উল্লা খান ।

যুৱকজনে নিজৰ পিতৃক এখন স্কুটিৰে লৈ আহিছিল ঢোলকুচিলৈ । কিন্তু পিতৃক হত্যা কৰি পুঠিমাৰী নৈত পেলাই দিয়াৰ সন্দেহ কৰে স্থানীয় লোকে (Son accused of killed his father at Rangia)। ঘটনাস্থলীত উদ্ধাৰ হয় ধনৰ টোপোলা, চেন্দেল, চশমাৰ লগতে বেংকৰ বহী । ইয়াকে লৈ ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । যুৱকজনক ৰাইজে আৱদ্ধ কৰি ৰাখে এটি কোঠালীত । পিতৃক কি কাৰণত হত্যা কৰিলে তাৰ উত্তৰ বিচাৰি যুৱকজনক কৰে প্ৰশ্ন ৷

পিতৃক হত্যা কৰাৰ সন্দেহত ৰাইজে আৱদ্ধ কৰিলে যুৱকক

যুৱকৰ ভাষ্য, পিতৃ আলী আকবৰ খান হৃদৰোগত আক্ৰান্ত হৈ ঢোলকুছিতে মৃত্যুক আকোঁৱালি লয় । পাছত ঘটনাস্থলীত কাউৰবাহা আৰক্ষী উপস্থিত হৈ ৰাইজে আৱদ্ধ কৰি থোৱা যুৱকজনক আটক কৰি থানালৈ লৈ যাবলৈ বিচাৰে যদিও স্থানীয় লোকে বাধা প্ৰদান কৰে আৰক্ষীক ।

গছ বাগৰাই পথ বন্ধ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে । আৰক্ষীয়ে বহু সময়ৰ অন্ততঃ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুঠিমাৰী নৈৰ পৰা আলী আকবৰ খানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু পুত্ৰ আছফাক উল্লা খানক থানালৈ লৈ যায় ৷ যুৱকজনে নিজৰ পিতৃক ৰাইজে সন্দেহ কৰাৰ দৰে হত্যা কৰিলে নে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক: Murder in Nalbari: পিতৃক হত্য়া কৰি পুত্ৰই পান কৰিলে বিহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.