ETV Bharat / state

পুনৰ চলিব ৰঙিয়া-মূৰ্কঙচেলেক পেচেঞ্জাৰ ৰে’ল

author img

By

Published : Jul 18, 2021, 12:57 PM IST

অহা 20 জুলাইৰ পৰা পুনৰ আৰম্ভ হ’ব ৰঙিয়া মূৰ্কঙচেলেক পেচেঞ্জাৰখন ৷ মূৰ্কঙচেলেকৰ পৰা ৰঙিয়ালৈ চলিব এই ৰে’লখন । ক’ভিডৰ বাবে স্থগিত এই সেৱা পুনৰ আৰম্ভ হ’ব ৷

rangia-to-mukongselek-pagechanger-trains-run-again
পুনৰ চলিব ৰঙিয়া - মূৰ্কঙচেলেক পেচেঞ্জাৰ ট্ৰেইন

ৰঙিয়া, 18 জুলাই : ক’ভিড মহামাৰীৰ বাবে বিগত কিছুদিনৰ পৰা বন্ধ হৈ আছিল ৰঙিয়া-মূৰ্কঙচেলেক পেচেঞ্জাৰ ৷ ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে ৰে’লবিভাগে চলাচল স্থগিত ৰাখিছিল এই পেচেঞ্জাৰ ৰে’লখন । 20 জুলাই মঙলবাৰৰ পৰা মূৰ্কঙচেলেকৰ পৰা ৰঙিয়ালৈ চলিব এই ৰে’লখন । ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে ৰে’লবিভাগে চলাচল স্থগিত ৰাখিছিল এই পেচেঞ্জাৰ ৰে’লখনৰ ।

উল্লেখ্য যে, যাত্ৰীৰ সুবিধাৰ্থে প্ৰতিদিনে এতিয়া পুনৰ চলিব ৰঙিয়া-মূৰ্কঙচেলেক পেচেঞ্জাৰ ৰে'লখন । এই কথা সদৰি কৰিছে উত্তৰ-পূৱ-সীমান্ত ৰে'লৱেৰ (NF Railway) প্ৰৱন্ধক ভি এ মালেগাওকাৰে । ইফালে 2023ৰ ভিতৰতে শৰাইঘাটত হ’ব দ্বিতীয় খন ৰে'ল দলঙ । বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটী লৈ ৰে’লপথ দ্বৈতকৰণৰ সমান্তৰালভাৱে নিৰ্মাণ হৈ উঠিব দ্বিতীয় খন ৰে’ল দলং ।

ইপিনে উত্তৰ-পূৱ-সীমান্ত ৰে'লৱেৰ (NF Railway) নিৰ্মাণ বিভাগে এই সন্দৰ্ভত সকলো কাম পৰ্যবেক্ষণ কৰি আছে বুলি জনাইছে ডি আৰ এম (DRM) গৰাকীয়ে ৷

লগতে পঢ়ক:যোৰহাবাসীৰ বাবে সকাহ: প্ৰথমবাৰলৈ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.