ৰঙিয়া,1 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতে নিজ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে কয় যে ক'ভিড-19 ৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰশাসনে কিছুমান বিশেষ ব্যৱস্থা লৈছে । তেওঁ কয় যে, এইবাৰ দিব্যাংগসকলৰ লগতে আশীৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে পোষ্টেল বেলট ভোটৰ সুবিধা প্ৰদান কৰা হৈছে ৷ যিসকল ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে বিএলঅ'ৰ সহায়ত 12 D ফৰ্মৰ জৰিয়তে এই সুবিধা লাভ কৰিব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷
তেওঁ কয় যে, যিবিলাক ভোটদান কেন্দ্ৰত এহেজাৰতকৈ অধিক লোকে ভোট দিব, তেনে কেন্দ্ৰসমূহত অতিৰিক্ত ভোটদান কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । অতিৰিক্ত ভোটদান কেন্দ্ৰৰ ব্যৱস্থা নৱেম্বৰ মাহত প্ৰকাশিত ভোটাৰ তালিকাৰ আধাৰত কৰা হৈছে । ৰঙিয়া আৰু কমলপুৰত 81 টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে সৰ্বমুঠ 448 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও তেওঁ সদৰী কৰে ৷
উল্লেখ্য যে, ক'ভিড অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ কোনো ভোটাৰেই যাতে ভোটদানৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্য আগত ৰাখি নতুন ভোটাৰসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে 2021 চনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছতো, নতুনকৈ ভোটদানৰ বাবে যোগ্য হোৱাসকলে নিজৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিব পাৰিব । নিজ অঞ্চলৰ বিএলঅ অথবা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী বিভাগৰ জৰিয়তে নতুন ভোটাৰসকলে গ্ৰহণ কৰিব পাৰিব এই সুবিধা ।
নিৰ্বাচনী প্ৰচাৰ সভাত ক'ভিড প্ৰটকল মানি চলিব লাগিব বুলি জানিবলৈ দি মহকুমাধিপতি গৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত কাৰ্যালয়ৰ 100 মিটাৰ ক্ষেত্ৰৰ ভিতৰত দুজন ব্যক্তি আৰু দুখন গাড়ীহে প্ৰৱেশ কৰিব পাৰিব বুলি সদৰী কৰে ৷ উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ ব্যয়ৰ সীমা 30,00,000 কৰা হৈছে ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘা বা তেনে কোনো অভিযোগ দাখিলৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা 1950 নম্বৰৰ এটা বিনামূলীয়া টৈলিফোনিক সেৱা উপলব্ধ থকাৰ কথা মহকুমাধিপতি গৰাকীয়ে সদৰী কৰে ৷
লগতে পঢ়ক: খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা