ETV Bharat / state

পহিলা ব'হাগতে ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ - RANGIA

ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ। অনুষ্ঠানৰ শেষত শিল্পীক নিদিলে প্ৰাপ্য ধন। ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত গোচৰ ৰুজু ৷

ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ
author img

By

Published : Apr 16, 2019, 3:01 PM IST

ৰঙিয়া,16এপ্ৰিল: পহিলা বহাগৰ দিনাই বিহু সমিতিৰ ওপৰত ক্ষুব্ধ এগৰাকী কন্ঠশিল্পী ৷ সোমবাৰে নিশা ৰঙিয়াৰ মহখলিত সংগীতানুষ্ঠানৰ পাচতেই গায়িকা প্ৰিয়ংকা কলিতাই বিহু সমিতিৰ ওপৰত অপমানৰ অভিযোগ তুলি গোচৰ তৰিলে ৰঙিয়া থানাত ৷ সংগীতানুষ্ঠানটোৰ বাবে নিৰ্ধাৰিত ধন দিবলৈ অমান্তি হোৱাক লৈ বিহু সমিতিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল গীত পৰিবেশন কৰা কণ্ঠশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসকল ।

ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ

কণ্ঠশিল্পী প্ৰিয়ংকা কলিতাই অভিযোগ কৰা অনুসৰি সোমবাৰে ৰঙিয়াৰ মহখলিত দক্ষিণ-পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত সংগীতানুষ্ঠানৰ বাবদ ৪৫০০০ টকাৰ চুক্তি হৈছিল । কিন্তু সোমবাৰে নিশা গীত পৰিবেশনৰ পাচত প্ৰাপ্য ধন দিবলৈ অমান্তি হয় সম্পাদক ভুৱনেশ্বৰ ডেকা। ৪৫০০০ টকাৰ পৰিবৰ্তে ৩৫০০০ টকা আদায় দিয়াক লৈ সৃষ্টি হয় তীব্ৰ মতানৈক্য । অৱশ্যে শিল্পীৰ দলটোৱে ৰঙিয়া থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযুক্ত ভুৱনেশ্বৰ ডেকাৰ বিৰুদ্ধে এক গোচৰ তৰে ।

Intro:ৰঙিয়াত শিল্পীক অপমানৰ অভিযোগ। অনুষ্ঠানৰ শেষত শিল্পীক নিদিলে প্ৰাপ‍্য ধন।ৰঙিয়া থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজুBody:

V/O:-ৰঙিয়াত যোৱাকালি মহখলিত সংগীতৰ অনুষ্ঠান পৰিবেশনৰ পিছত গায়িকা প্ৰিয়ংকা কলিতাসহ বাদ্যযন্ত্ৰীক অপদস্থ অপমানৰ অভিযোগ উঠিছে। ঘটনাৰ আৰত সংগীতৰ অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত ধন দিবলৈ অমান্তি হোৱাকলৈ অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি হোৱা বুলি প্ৰকাশ । ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত অভিযুক্ত ভুৱনেশ্বৰ ডেকাৰ বিৰুদ্ধে গোচৰ তৰে ভুক্তভোগী শিল্পী প্ৰিয়ংকা কলিতাই । কণ্ঠশিল্পী প্ৰিয়ংকা কলিতাই অভিযোগ কৰা মতে ৰঙিয়াৰ মহখলিত দক্ষিণ পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ সমিতিৰ সৌজন্যতা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সংগীত অনুষ্ঠান পৰিবেশন কৰাৰ বাবদ ৪৫০০০ টকাৰ চুক্তি কৰা হৈছিল । সেই অনুসৰি সোমবাৰে নিশা সংগীত অনুষ্ঠানৰ পিছত প্ৰাপ্য ধন দিবলৈ অমান্তি হয় সম্পাদক ভুৱনেশ্বৰ ডেকাই । ৪৫০০০ টকাৰ পৰিবৰ্তে ৩৫০০০ টকা আদায় দিয়াকলৈ এই পৰিস্থিতিৰ সৃষ্টি হয় । এইলৈ শিল্পী গৰাকীয়ে আপত্তি কৰাত ভুৱনেশ্বৰ ডেকাই শিল্পী গৰাকীৰ গাড়ীৰ চাবি কাঢ়ি নিয়ে । লগতে প্ৰিয়ংকা কলিতাৰ লগতে বাদ্যযন্ত্ৰী একাংশকো শাৰিৰীক ভাৱে অপদস্থ কৰাৰ অভিযোগ । পিছত কোনোমতে সেই স্থান ত্যাগ কৰি শিল্পীৰ দলটোৱে ৰঙিয়া থানাত উপস্থিত হয় । ঘটনা সন্দৰ্ভত ভুৱনেশ্বৰ ডেকাৰ বিৰুদ্ধে শিল্পী প্ৰিয়ংকাই গোচৰ তৰে ।
Bite:- 1প্ৰিয়ংকা কলিতা 2. সহ শিল্পীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.