ৰঙিয়া,30 আগষ্ট : ধেমাজিৰ চিচিবৰগাওঁ থানাৰ উপ-পৰিদৰ্শক নিপন নাথৰ আত্মহত্যা ৷ উপ-পৰিদৰ্শকগৰাকীৰ আত্নহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত ৷ ৰঙিয়াৰ মধুকুছিৰ যুৱক নিপন নাথে শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত আত্মহত্যা কৰে। দুবছৰ পূৰ্বে আৰক্ষীত যোগদান কৰা নিপনৰ আত্মহত্যাৰ ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ কিয়নো পিষ্টলৰ গুলিয়ে মূৰত ভেদ কৰাৰ বিপৰীতে নিপনৰ পেটতহে গুলিয়ে ভেদ কৰিছে।
ইয়াৰোপৰি,নিপনক দীৰ্ঘদিন ধৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীয়ে মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিভিন্ন অনিয়ম কৰিবলৈ হেচা দি অহা ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীৰ নিৰ্যাতনত অতিষ্ঠ হৈ পৰিছিল নিপন আৰু এই সন্দৰ্ভত নিপনে সমগ্ৰ ঘটনা পৰিয়ালৰ লোকক অৱগত কৰিছিল বুলি নিপনৰ ভগ্নীয়ে সাংবাদিকক আগত প্ৰকাশ কৰে ৷