ৰঙিয়া,26 জুনঃ কামৰূপ আৰক্ষীৰ অভিযানৰ অন্তত মঙলবাৰে কাশ্মীৰী যুৱক ছাহিল আব্বাছক অনা হ'ল ৰঙিয়ালৈ। কামৰূপ আৰক্ষীয়ে মঙলবাৰে দিল্লীৰ পৰা গুৱাহাটীলৈ বিমান যোগে আনি নিশাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়ালৈ লৈ আহে আব্বাছক। বুধবাৰে কাশ্মীৰীযুৱক জনক ৰঙিয়া মডেল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু বৰ্তমানেও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কামৰূপ আৰক্ষীয়ে। আৰক্ষীৰ লগতে অন্যান্য চোৰাংচোৱা সন্থাসমূহে মঙলবাৰৰ পৰা ছাহিল আব্বাছৰ লগত মাৰাথান জেৰা অব্যাহত ৰাখিছে। বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত যুৱকজনক কমলপুৰ থানালৈ লৈ যোৱা হয়। যুৱকজনক কামৰূপ আৰক্ষীয়ে কাশ্মীৰ আৰক্ষীৰ পৰা আঠদিনৰ ট্ৰানজিত ৰিমাণ্ডত আনিছে। আৰক্ষীয়ে যুৱকজনৰ নিৰাপত্তাৰ বাবে কটকটীয়া ব্যৱস্থা হাতত লোৱাও পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে চি আৰ পি এফ জোৱান ৰঙিয়াৰ শ্বহীদ সুনীল কলিতাৰ লগতে তেওঁৰ পত্নীক ফেচবুকত অশ্লীল মন্তব্য কৰাৰ বাবে কিছুদিন পূৰ্বে কমলপুৰ থানাত এক গোচৰ ৰুজু হৈছিল ৷ এই গোচৰৰ ভিত্তিত কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ দল এটা কাশ্মীৰলৈ গৈছিল। ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাত ৬০০ লোকে বাধা প্ৰদান কৰিছিল আৰক্ষীক। শ শ লোকৰ বাধা নেওচি অত্যন্ত বিপদসংকুল পৰিস্থিতিৰ মাজত আৰক্ষীৰ দলটোৱে ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰি ছাহিল আব্বাছক অসমলৈ আনে ৷
আৰু পঢ়কঃ শ্বহীদ পত্নীক অপমানঃ গ্ৰেপ্তাৰ আব্বাছ